৪ জুলাইৰ পৰা ৮ জুলাইলৈ অনুষ্ঠিত হ’ব মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা; চাওক সময়সূচী

৪ জুলাইৰ পৰা ৮ জুলাইলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা ৷

Share to your Social Account

নিউজ ডেস্ক, ১২ জুনঃ অহা ৪ জুলাইৰ পৰা ৮ জুলাইলৈ ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা ৷ ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিছে পৰীক্ষাৰ সময়সূচী ৷

পৰীক্ষাসূচী এনেধৰণৰ-

৪ জুলাইৰ পুৱা ৯ বজাৰ‌ পৰা ১২ বজালৈকে অনুষ্ঠিত হ’ব মাতৃভাষাৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব ভূগোল আৰু সংস্কৃত বিষয়ৰ পৰীক্ষা ।

৫ জুলাইৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব বিজ্ঞান বিষয়ৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব হিন্দী আৰু এডভান্স মেথেমেটিকছ বিষয়ৰ পৰীক্ষা।

৬ জুলাইৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব গণিত বিষয়ৰ পৰীক্ষা ।

৭ জুলাইৰ পুৱা ৯ বজাৰ‌‌ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব কম্পিউটাৰ চায়েন্স, আৰবীক আৰু পাৰ্চীয়ান ভাষাৰ পৰীক্ষা ।

৮ জুলাইৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হ’ব সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা, দুপৰীয়া ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব ইতিহাস আৰু ঐচ্ছিক অসমীয়া বিষয়ৰ পৰীক্ষা।

Share to your Social Account