![](https://imgeng.jagran.com/images/2023/jun/maniipur%20net16863986120551686764698473.jpeg)
নিউজ ডেস্ক, ১৪ জুনঃ মঙলবাৰে নিশা মণিপুৰত সন্দেহজনক কুকি উগ্ৰপন্থীৰ গুলীত ৯ গৰাকী সাধাৰণ লোকে প্ৰাণ হেৰুৱাৰ পাছত বুধবাৰে জিলাখনত পুনৰ সংঘটিত হয় হিংসাত্মক ঘটনা। মণিপুৰৰ একমাত্ৰ মহিলা মন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত অগ্নি সংযোগ কৰা হয় ।
পশ্চিম ইম্ফল জিলাৰ লাম্ফেল অঞ্চলৰ উদ্যোগ মন্ত্ৰী নেমচা কিপগেনৰ বাংলোটো বুধবাৰে অগ্নি সংযোগৰ ঘটনা সংঘটিত হয় ।তথ্য অনুসৰি ঘটনাৰ সময়ত মন্ত্ৰীগৰাকী বাসগৃহত উপস্থিত নাছিল। জ্যেষ্ঠ বিষয়াসকলৰ নেতৃত্বত নিৰাপত্তা বাহিনী ঘটনাস্থলীত উপস্থিত হৈ সম্প্ৰতি আৰম্ভ কৰিছে তদন্ত।
জনজাতীয় অধ্যুষিত কাংপোকপি বিধানসভা আসনৰ পৰা যোৱা বছৰৰ বিধানসভা নিৰ্বাচনত ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত কিপগেন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত ১২ জনীয়া মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা মন্ত্ৰী। ১০ গৰাকী কুকি বিধায়কৰ অন্যতম নেমচা কিপগেন ।