প্ৰৱাসী ভাৰতীয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামত নামত মেডিকেলৰ আসন সংৰক্ষণে সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বৃহৎ ক্ষতি কৰিব
![](https://updatenowne.in/wp-content/uploads/2023/06/Untitled-1-1024x576.jpg)
প্ৰৱাসী ভাৰতীয় অৰ্থাৎ ‘নন ৰেচিডেন্টল ইণ্ডিয়ান’ ছাত্ৰ-ছাত্ৰীৰ নামত ১০ % আসন চিকিৎসা শিক্ষাৰ বাবে সংৰক্ষণ কৰি অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে এই অভিযোগ উত্থাপন কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছনে । অসম চৰকাৰৰ এই থলুৱা বিৰোধী সিদ্ধান্ত ডি ৱাই এফ আই অসম ৰাজ্যিক কমিটিয়ে প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে।
এক প্ৰেছ বিবৃতি যোগে সংগঠনটোৱে কয় যে- “সংবিধানিকভাৱে জাতি-জনগোষ্ঠীৰ নামত সংৰক্ষণৰ ব্যৱস্থা থকাৰ পাছতো এনেদৰে পুনৰ এক বৃহৎ সংখ্যক আসন সংৰক্ষণৰ মাজলৈ অনাৰ ফলত ৰাজ্যখনৰ বহু মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী যে মেডিকেল শিক্ষাৰ পৰা বঞ্চিত হ’ব সেয়া নিশ্চিত। এই সিদ্ধান্তই সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বৃহত ক্ষতি কৰিব। অসম চৰকাৰৰ এনে অদূৰদৰ্শী আৰু বেপাৰমূখী সিদ্ধান্তই ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীক বঞ্চনা কৰাৰ লগতে ভবিষ্যতে চিকিৎসা সেৱাৰ ক্ষেত্ৰতো ৰাজ্যবাসীয়ে বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব।”
উল্লেখ্য যে অসম চৰকাৰৰ অবিবেচক সংৰক্ষণ নীতি ঘোষণা কৰাৰ পাছতেই ৰাজ্যৰ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আনহাতে জনমতক সন্মান কৰিব নিবিচৰা আৰু একচ্ছত্ৰী সম্ৰাটৰ দৰে আচৰণ কৰা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ স্বাস্থ্য বিষয়কলৈও হেতালি খেলা আৰম্ভ কৰিছে বুলি অভিযোগ কৰিছে ডি ৱাই এফ আইয়ে।