নিউজ ডেস্ক, ১৯ জুনঃ কুকি আৰু মেইটেইৰ মাজত হোৱা সংঘৰ্ষত বিগত ডেৰটা মাহে জ্বলি আছে মণিপুৰৰ। দৈনিক বাতৰিৰ শিৰোনাম দখল কৰিছে ন শ হিংসাত্মক ঘটনাই । কিন্তু তাৰ মাজতে মণিপুৰৰ ঘটনাক লৈ এটা ভয়ংকৰ ভুল বাতৰি প্ৰকাশ কৰিলে ৰাজ্যৰ এখন আগশাৰীৰ বাতৰি কাকতে । আমাৰ অসম নামৰ কাকতখনত প্ৰকাশ কৰা হৈছে ভুল বাতৰিটো । “মণিপুৰ ছাৰখাৰ! ৰাজপথত কিশোৰীক গুলীয়াই হত্যা” শীৰ্ষক শিৰোনামেৰে প্ৰকাশ কৰা হৈছে বাতৰিটো। কিন্তু দৰাচলতে এই এই বাতৰি আৰু বাতৰিটোৰ সৈতে সংলগ্ন ফটোখন ২০২২ চনৰহে। ২০২২ চনৰ ডিচেম্বৰ মাহত বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল বাতৰিটো। কিন্তু এটা পুৰণি খবৰকে এখন দৈনিক অসমীয়া বাতৰি কাকতে সম্পূৰ্ণ ভুল আৰু বিকৃত ভাৱে প্ৰকাশ কৰাটোৱে কি সূচায় !
সামাজিক মাধ্যমত এই চৰ্চা চলাৰ মাজতে বিষয়টোক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমাৰ অসমৰ মুখ্য সম্পাদক মনোজ গোস্বামীয়ে । এই ভুলৰ বাবে তেওঁ ক্ষমা খোজাৰ লগতে বাতৰি কাকতখনতো ৰাজহুৱাকৈ ক্ষমা খোজাৰ হ’ব বুলি মন্তব্য কৰে ।
তেওঁ লিখিছে “আজি “আমাৰ অসম”ত মনিপুৰ সংক্ৰান্তীয় বাতৰিটোত ফটো এখন ভুলকৈ প্ৰকাশ পালে তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী। বাতৰি কাকতখনতো ইয়াৰ বাবে ৰাজহুৱাকৈ দুঃখ প্ৰকাশ কৰা হব।পিচে এই ফটোখন বা বাতৰিটো লৈ আজি এটা মহলৰ প্ৰতিক্ৰিয়া দেখি ভাল লাগিছে , যি ইমানদিনে মনিপুৰক লৈ একেবাৰে নীৰৱ আৰু নিৰ্লিপ্ত হৈ আছিল । ইমান দিনে তেওঁলোকৰ এনে মনোভাৱ আছিল যেন মনিপুৰত একো হোৱাই নাই । তেওঁলোক চুপ, তেওঁলোকৰ হুজুৰসকলো চুপ। যেন মনিপুৰত কোনোৱে মন্ত্ৰী বিধায়কৰ ঘৰ জ্বলাই দিয়া নাই, কেতিয়াও ৰাজপথত অসহায় মহিলা শিশুক জ্বলাই গুলিয়াই মাৰা হোৱা নাই।মনিপুৰ যেন অষ্টলক্ষীতো বাদেই ভাৰতৰ ভিতৰৰে ঠাই নহয়। তেতিয়া ইমান নিৰ্লজ্জ নিৰ্লিপ্তি কিয়? ফটোখন দেখি একাংশ লোকৰ ছটফটনি দেখিও কওঁ, কিছুমান কথা সোৱঁৰাই দিবলৈ এনে দুই এটা ভুল কৰিও সন্তুষ্টি পোৱা যায়।”অৰ্থাৎ এটা স্পৰ্শকাতৰ বিষয়ক লৈ ভুল আৰু মনেসজা বাতৰি প্ৰকাশ কৰাৰ পাচতো আত্মপক্ষ সমৰ্থন কৰি ৰাইজৰ গালৈ বল ঠেলিলে মনোজ গোস্বামী নামৰ সাংবাদিকজনে ।