৪৫ দিনৰ অন্তত মুকলি আকাশৰ তললৈ আহিল শৃংখল চলিহা

অৱশেষত মুকলি আকাশৰ তললৈ আহিল শৃংখল চলিহা। ৪৫ দিনৰ‌ অন্তত মুক্তি লাভ কৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হোৱা বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে ।

Share to your Social Account

নিউজ ডেস্ক, ২০ জুনঃ‌ অৱশেষত মুকলি আকাশৰ তললৈ আহিল শৃংখল চলিহা। ৪৫ দিনৰ‌ অন্তত মুক্তি লাভ কৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হোৱা বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে । সোমবাৰে মাজ নিশা শৃংখলা চলিহাক মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে ।

জিলা দণ্ডাধীশৰ আদেশ নং SVMJ/NSA/16/2023/10(A)ৰ দ্বাৰা শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰা 3(2)ৰ অধীনত শৃ্ংখল‌ চলিহাক গ্ৰেপ্তাৰ কৰা হৈছিল। উক্ত হুকুমনামাত জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে শৃংখল চলিহাৰ বিভিন্ন কাৰ্যকলাপ পৰ্যৱেক্ষণ কৰি তেওঁক সমাজৰ জাতি-সম্প্ৰদায়ৰ মাজত বিভেদৰ বীজ সিঁচাৰ লগতে সমাজত এক অশান্তিকৰ বাতাৱৰণ সৃষ্টি কৰাৰ বাবে ৰাইজৰ সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বুলি পূৰ্বে উল্লেখ কৰিছিল।

Share to your Social Account