অন্ধ্ৰ প্ৰদেশৰ ৰে’ল দুৰ্ঘটনাত ১৩ জনৰ মৃত্যু
![](https://updatenowne.in/wp-content/uploads/2023/10/1-1-1024x576.jpg)
নেশ্যনেল ডেস্ক, ৩০ অক্টোবৰ: অন্ধ্ৰ প্ৰদেশত দেওবাৰে দুখন ট্ৰেইনৰ মাজত সংঘৰ্ষ । বিশাখাপট্টনম নম-পলাচা যাত্ৰীবাহী ৰে’ল আৰু বিশাখাপট্টনম-ৰায়গদা যাত্ৰীবাহী ৰে’লৰ মাজত হয় এই সংঘৰ্ষ । এই সংঘৰ্ষৰ ফলত সম্প্ৰতি অন্ধ্ৰ প্ৰদেশৰ আলামাণ্ডা আৰু কান্তাকাপালে চহৰৰ মাজত যোগাযোগ ব্যাহত হৈ পৰে ।
এই শোকাৱহ দুৰ্ঘটনাত ১৩জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহতসকলৰ সংখ্যা ৫০ জনলৈ বৃদ্ধি পাইছে । আৰক্ষী অধীক্ষক এম দীপিকাই সোমবাৰে সদৰী কৰিছে এই কথা ।
চৰকাৰী সূত্ৰই সদৰী কৰা মতে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডীয়ে আজি দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিব আৰু চিকিৎসাধীন লোকসকলকো সাক্ষাৎ কৰিব ।
দেওবাৰ সন্ধিয়া সংঘটিত হোৱা এই সংঘৰ্ষ সন্দৰ্ভত ৰে’লৱে কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি পালাচা যাত্ৰীবাহী ৰে’লখনে ৰায়গদা যাত্ৰীবাহী ৰে’লখনত খুন্দা মাৰে, যাৰ ফলত তিনিটা ডবা লাইনচ্যুত হয়।
মুখ্যমন্ত্ৰী ৱাইএছআৰ জগন মোহন ৰেড্ডীয়ে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ বাবে ১০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। যিসকল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ বাবে ২.৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰাৰ বিপৰীতে সামান্য আঘাতপ্ৰাপ্তসকলৰ বাবে ৫০ হাজাৰ টকা ঘোষণা কৰিছে ।