মোৰ ওপৰত জাপি দিয়া সন্ত্রাসবাদী গোচৰ ভিত্তিহীন-অখিল গগৈ

নিউজ ডেস্ক, ১ নৱেম্বৰ: কা বিৰোধী আন্দোলনৰ গোচৰত বুধবাৰে পুনৰ NIAৰ বিশেষ আদাতত হাজিৰ হ’ল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ । NIAৰ আদালতত হাজিৰ হৈ বিধায়ক অখিল গগৈয়ে কয় যে- কেন্দ্র আৰু ৰাজ্য চৰকাৰে আবেদন কৰি পুনৰ জাপি দিলে গোচৰটো। মোৰ ওপৰত জাপি দিয়া সন্ত্রাসবাদী গোচৰ ভিত্তিহীন। যোৰহাটতো কালি এনে গোচৰত আদালতলৈ গৈছিলো । সৰু গোচৰবোৰ উঠাই লম বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল কিন্তু মোৰ ক্ষেত্ৰত সেয়া উলোটা হ’ল । লগতে অখিল গগৈয়ে কয় যে মোৰ ওপৰত জাপি দিয়া গোচৰৰ ক্ষেত্ৰত চৰকাৰ কেতিয়াও সফল নহয় ।

ইফালে, মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰী গুৱাহাটীত উপস্থিত হৈ ২৬টা ৰাষ্ট্ৰীয় ঘাইপথৰ শিলান্যাস কৰাকলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অখিল গগৈয়ে । তেওঁ কয় যে-কালি নিতিন গাডকাৰীয়ে পুৰণা কেচেট এখনকে বজালে । পুনৰ লুই বাৰ্জাৰক নিৰ্মাণৰ দায়িত্ব দিয়াৰ কথা ক’লে । সেই কোম্পানীটোৰ বিৰুদ্ধে এতিয়াও তদন্ত চলি আছে । অসমৰ মুখ্যমন্ত্ৰী নিজেই এই গোচৰটোত অভিযুক্ত । কেলেংকাৰী ঢাকিবৰ বাবে এটা নতুন উপহাৰ দিলে গাডকাৰীয়ে । লুই বাৰ্জাৰক পুনৰ কামৰ দায়িত্ব নিদিবলৈ চৰকাৰক আহ্বান জনাইছো বুলিও মন্তব্য ৰাইজৰ দলৰ বিধায়কগৰাকীৰ ।

Share to your Social Account