আলফাৰ সমস্যা সমাধানৰ দায়িত্ব ল’ব লাগে মুখ্যমন্ত্ৰীয়ে- ভূপেন বৰা
![](https://updatenowne.in/wp-content/uploads/2023/11/5-1024x576.jpg)
নিউজ ডেস্ক, ১ নৱেম্বৰ: এইবাৰ আলফাৰ স্থায়ী শান্তি আলোচনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । তেওঁ কয় যে আলফাৰ সৈতে শান্তি আলোচনাক লৈ বিজেপি দলে ৰাজনীতি কৰি থাকিব নালাগে । মুখ্যমন্ত্ৰীয়ে এটা সময়ত আলফা কৰিছিলো বুলি ৰাজহুৱাকৈ কৈ থাকে ।
লগতে ভূপেন বৰাই কয় যে অসমৰ প্ৰাক্তন আলফা গৈ এতিয়া মুখ্যমন্ত্ৰী হৈছে । তেওঁ শীতাতপ নিয়ন্ত্ৰিত কোঠাত আছে । তেখেতৰ দলৰেই চৰকাৰ এতিয়া নতুন দিল্লীত আছে । গতিকে তেখেতৰ প্ৰাক্তন সতীৰ্থসকলক বুজাই আলোচনাৰ মাজলৈ আনি শান্তি আলোচনা কৰিবলৈ আন্তৰিকতা দেখোৱাব লাগে ।
শান্তি আলোচনাত আমি বিৰোধীয়েও সহায় কৰিম বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে আলফাৰ প্ৰাক্তন সতীৰ্থজন মুখ্যমন্ত্ৰী হৈ থাকোঁতে যদি আলোচনা নহয়,তেন্তে কেতিয়া হ’ব । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী অধিক ভূমিকা ল’ব লাগে বুলিও মন্তব্য কৰে ভূপেন বৰাই । কাৰণ যি আলফাক মুখ্যমন্ত্ৰীয়ে আজি আবেগ বুলি কয়, সেই আবেগত তেওঁয়ো গৈছিল । তেখেতে ঘূৰি আহিল কিন্তু লগৰখিনিক কিয় ঘূৰাই নানিলে ?
ভূপেন বৰাই আৰু কয় যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ সম্পূৰ্ণ দায়িত্ব আছে । কেন্দ্ৰীয় চৰকাৰক বিষয়টো বুজাই সৈমান কৰোৱাৰ দায়িত্ব ৰাজ্যখনৰ নেতৃত্বই ল’ব লাগিব । তৰুণ গগৈৰ ডাঙৰীয়াৰ নেতৃত্বত আমি BTRৰ সমস্যা সমাধান কৰি দিলোঁ । কংগ্ৰেছৰ দিনত যদি বহু উগ্ৰপন্থী সংগঠনেৰে চুক্তি হ’ব পাৰে তেনে ক্ষেত্ৰত প্ৰাক্তন আলফা মুখ্যমন্ত্ৰী হৈ থাকোঁতে কিয় আলফাকে চুক্তি হ’ব নোৱাৰে বুলিও কয় ভূপেন বৰাই ।