একেদিনাই কংগ্ৰেছ, তৃণমূলৰ নেতাৰ বিজেপিত যোগদান
![](https://updatenowne.in/wp-content/uploads/2023/11/22-1024x576.jpg)
নিউজ ডেস্ক, ১১ নৱেম্বৰ: নিৰ্বাচনৰ পূৰ্বেই আৰম্ভ বিজেপিৰ হৰ্চ ট্ৰেডিং । একেদিনাই দুই পৃথক দলৰ নেতাই বিজেপিত যোগদান কৰিছে । ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ সাংগঠিক ভেটি দুদৃঢ় কৰাৰ বাবে তত্পৰতা অব্যাহতা ৰাখিছে ।
তাৰ মাজতে শনিবাৰৰ দিনটোত তৃণমূল কংগ্ৰেছৰ আৰু কংগ্ৰেছৰ দুগৰাকী নেতাই বিজেপিত যোগদান কৰে । উল্লেখ্য যে তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই পৰিধান কৰে গেৰুৱাবসন ।
মন কৰিবলগীয়া যে, বিজেপিৰ বিৰুদ্ধে সততে সৰৱ ভূমিকা পালন কৰা আৰু প্ৰতিখন সংবাদমেলত বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰা দিলীপ কুমাৰ শৰ্মাই বিজেপিত যোগাদন কৰা বিষয়টোত দলটোত সকলো আচৰিত হৈ পৰিছে। অৱশ্যে ৰাজনীতিত সকলো সম্ভৱ ।
জানিব পৰা মতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰা উন্নয়নমূলক কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি সদৰী কৰিছে ।
ইফালে, নগাঁৱ জিলাৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি সুৰেশ বৰাইয়ো বিজেপিত যোগদান কৰিছে । বৰাৰ লগতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি পোৰিতুষ ৰয়ে ১১ নৱেম্বৰত দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰাৰ পিছত শাসকীয় দলত যোগদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।
ইতিমধ্যেই দুয়োগৰাকী নেতাৰ আনুষ্ঠানিক যোগদানৰ কথা টুইটযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।