মিজোৰামৰ ভাৰত-ম্যানমাৰ সীমান্তত ভয়াৱহ সংঘৰ্ষ অব্যাহত; সশস্ত্ৰ বাহিনীৰ দখললৈ সীমান্তৱৰ্তী এখন চহৰ
![](https://updatenowne.in/wp-content/uploads/2023/11/25-1024x576.jpg)
নেশ্যনেল ডেস্ক, ১৪ নৱেম্বৰ: ম্যানমাৰৰ এটা সশস্ত্ৰ সংগঠন ম্যানমাৰৰ চিন নেচনেল আৰ্মীয়ে দেশখনৰ মিজোৰাম সীমান্তত থকা এখন চহৰ নিজৰ দখললৈ আনিছে । ম্যানমাৰ সেনা আৰু চিনলেণ্ড ডিফেন্স ফৰ্চৰ মাজত দেওবাৰৰ পৰা অব্যাহত থকাৰ সময়তে চিন নেচনেল আৰ্মীয়ে দখল কৰিছে ৰিখাৱডৰ নামৰ চহৰখন ।
চিন প্ৰদেশৰ ফালাম টাউনশ্বিপত অৱস্থিত ৰিখাৱডৰ নামৰ চহৰখন নিজৰ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ নি সংগঠনটোৱে নিজৰ পতাকা উত্তোলন কৰিছে ।
১৩ নৱেম্বৰত ভাৰত-ম্যানমাৰ সীমান্তত সংঘৰ্ষ সংঘটিত হোৱাৰ পিছত চিন নেচনেল আৰ্মী আৰু ইয়াৰ মিত্ৰ শক্তিয়ে কেইবাজনো জুণ্টা সৈন্য (ম্যানমাৰ আৰ্মী) আৰু নিৰাপত্তা বাহিনীৰ জোৱানক জীৱিত অৱস্থাত গ্ৰেপ্তাৰ কৰিছে। ইফালে, এই সংঘৰ্ষত বৰ্তমানলৈকে ২১জন লোক আহত হৈছে আৰু আহতসকলক মিজোৰামৰ চাম্ফাই জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
আনহাতে চিকিৎসালয়লৈ আনি থকা অৱস্থাতে এজন সাধাৰণ লোকৰ মৃত্যু হয় । স্থানীয় সূত্ৰই দাবী কৰিছে যে ম্যানমাৰ সেনাৰ দুয়োটা শিবিৰত প্ৰায় ৬০ জনকৈ সেনা জোৱান আছিল আৰু সশস্ত্ৰ সংগঠনে দুয়োটা শিবিৰত থকা ম্যানমাৰ সেনাৰ বেছিভাগ জোৱানক হত্যা কৰিছে। ম্যানমাৰ সেনাই জেট ফাইটাৰ আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰা স্বত্বেও, পিডিএফ যুঁজাৰুসকলে মিজোৰাম সীমান্তত থকা ম্যানমাৰৰ দুটা শিবিৰ দখল কৰিছে।