অতীত হ’ব ছেবা, শিক্ষা সংসদ; গঠন হ’ব ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ

নিউজ ডেস্ক, ১৭ আগষ্ঠ: ৰাজ্যৰ দুই জাতীয় শিক্ষা অনুষ্ঠান ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰি অসম চৰকাৰে গঠন কৰিব ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ । অসম মন্ত্ৰী সভাৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ পিচতেই অনুষ্ঠিত এখন সংবাদমেলত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে এতিয়াৰে পৰা ছেবা আৰু শিক্ষা সংসদ নাথাকিব। দুয়োটা অনুষ্ঠানকে একত্ৰীকৰণ কৰি অসম চৰকাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰিব বিচাৰিছে।

আজিৰ কেবিনেটে এই বিষয়টোক লৈ এক সিদ্ধান্ত গ্রহণ কৰে। উল্লেখযোগ্য যে ছেবা আৰু শিক্ষা সংসদ শীঘ্ৰে বিলুপ্ত হ’ব বুলি ‘অসমীয়া প্ৰতিদিন’ কাকতত যোৱা ২৮ এপ্ৰিলতে সবিস্তাৰে এক বাতৰি প্ৰকাশ পাইছিল। অহা বছৰৰ ৫ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়।

কেবিনেটে ৰাজ্যৰ দহখন জিলাত থকা মিচিং জনগোষ্ঠীৰ লোকসকলৰ জাতীয় উৎসৱ ‘আলি-আয়ে লৃগাঙত চৰকাৰী বন্ধ দিয়াৰ সিদ্ধান্ত লয়। দীর্ঘদিন ধৰি মিচিং জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ জাতীয় উৎসৱত চৰকাৰী বন্ধ দিয়াৰ দাবী উত্থাপন কৰি আহিছিল। সংবাদমেলত উপস্থিত থকা মন্ত্রী বিমল বৰাই কয় যে ৰাজ্যৰ তিনি বছৰ পুৰণি ১,৯০০ খন ৰাস উদ্‌যাপন সমিতিক ২৫ হেজাৰ টকাকৈ দিয়াৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে।

সংবাদমেলত মন্ত্রী জয়ন্তমল্ল বৰুৱাই পুনৰ কয় যে এতিয়াৰে পৰা প্ৰতি মাহৰ এক তাৰিখৰ পৰা দহ তাৰিখৰ ভিতৰত খাদ্য সুৰক্ষা আঁচনিৰ চাউল জনসাধাৰণে সুলভ মূল্যৰ দোকানৰ পৰা লাভ কৰিব। ইয়াৰ পূৰ্বে অসম চৰকাৰে ১০ তাৰিখৰ পৰা ১৬ তাৰিখৰ ভিতৰত খাদ্য সুৰক্ষা আঁচনিৰ চাউল দিয়াৰ সিদ্ধান্ত লৈছিল। এই সন্দৰ্ভত আজিৰ কেবিনেটে এক সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই সিদ্ধান্ত অনুসৰি ২০ ৰ পৰা ৩০ তাৰিখৰ ভিতৰত সমবায় সমিতিসমূহে সুলভ মূল্যৰ দোকানত চাউল যোগান ধৰিব লাগিব। আজিৰ কেবিনেটে খাছি জয়ন্তীয়া উন্নয়ন পৰিষদ গঠনৰ লগতে বৰাক উপত্যকাত থকা মেইটেসকলক সুকীয়া সম্প্ৰদায়ৰ মৰ্যাদা দিয়াৰ বাবে কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলগা প্ৰস্তাৱত অনুমোদন

জনায়। ইয়াৰ পূৰ্বে অসমত থকা কুকি সম্প্ৰদায়ৰ অন্তৰ্গত আছিল মেইটেসকল। ৰাজ্যত বৈদ্যুতিক বাহনৰ প্রচলনক উৎসাহিত কৰাৰ বাবে এনে বাহনৰ পঞ্জীয়ন মাচুল ২ শতাংশ হ্রাস কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত লয়। এই হ্রাস ২০২৫ চনৰ ৩১ মার্চলৈ বাহাল থাকিব। আজিৰ কেবিনেটে ৰাজ্যৰ পৌৰসভা

আৰু পৌৰ নিকায়ত যিসকল চৰকাৰীভাৱে মনোনীত কমিছনাৰ থাকে তেওঁলোকক এতিয়াৰে পৰা আন আন নির্বাচিত ৱাৰ্ড কমিছনাৰৰ দৰে পাৰিতোষিক আৰু আন আন সুবিধা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লয়। বসুন্ধৰা-২ৰ জৰিয়তে ৰাজ্যৰ ৯ জিলাৰ ৩,৫৭৬ গৰাকী খিলঞ্জীয়া, ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদানৰ বাবে সিদ্ধান্ত লয় আজিৰ কেবিনেটে।

Share to your Social Account