উগ্ৰপন্থীৰ সন্দেহত মাছমৰীয়াৰ ওপৰত গুলীচালনা আছাম ৰাইফলছৰ
নিউজ ডেস্ক, ১৮ নৱেম্বৰ: অৰুণাচল প্ৰদেশৰ খাৰচাঙত উগ্ৰপন্থীৰ সন্দেহত তিনিজন লোকৰ ওপৰত গুলীচালনা অসম ৰাইফলছৰ । শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা । উল্লেখ্য যে উগ্ৰপন্থীৰ পৰিৱৰ্তে মাছ ধৰিবলৈ যোৱা তিনিজন লোকৰ ওপৰত গুলীচলনা কৰিছিল অসম ৰাইফলছে । ইয়াৰে এজন ব্যক্তি ভৰিত গুলী লাগি আহত হয় আৰু আন দুজন লোকে পলায়ন কৰে । ঘটনাৰ পাছতেই নিশাই ১১নং আছাম ৰাইফলছৰ শিবিৰ ঘেৰাও কৰে স্থানীয় ৰাইজে ৷ স্থানীয় অৰুণাচলী ৰাইজৰ প্ৰতিবাদত উত্তাল হৈ পৰে আছাম ৰাইফলছৰ শিবিৰ৷ খাৰছাঙৰ ইনজান বস্তিত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা ৷