বাঘজানত প্ৰথম বাৰ্ষিক ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগিতা আৰম্ভ
![](https://updatenowne.in/wp-content/uploads/2023/11/baghjan-footbal-1024x576.jpg)
নিউজ ডেস্ক, ২০ নৱেম্বৰঃ অসম ফুটবল সন্থা আৰু তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত মৰাণ জাতীয় মহিলা পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মৰাণ জাতীয় মহিলা পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ আতিথ্যত, বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ, মৰাণ জনজাতিৰ আটাইকেইটা সংগঠনৰ বাঘজান শাখা সমিতি আৰু বাঘজান গাঁওবাসীৰ সহযোগত আজিৰে পৰা ২৭ নৱেম্বৰলৈ বাঘজান গাঁও ৰাজহুৱা খেলপথাৰত প্ৰথম বাৰ্ষিক বিৰাঙ্গনা ৰাধা-ৰুকুণী ৰাজ্যিক পৰ্যায়ৰ আমন্ত্ৰণমূলক মহিলা ফুটবল প্ৰতিযোগিতাৰ আৰম্ভ হয়।
আৰম্ভণী দিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলনেৰে আৰম্ভ হয় প্ৰতিযোগিতাখন। মৰাণ জাতীয় মহিলা পৰিষদৰ পতাকা উত্তোলন কৰে দীপামণি শইকীয়া বড়াই আৰু ফুটবল প্ৰতিযোগিতাৰ আয়োজক সমিতিৰ পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি বিশ্বজিত হাজৰিকাই। ইয়াৰ পিছতে কাৰ্যসূচী অনুসৰি স্মৃতি তৰ্পণ কৰে মৰাণ জাতীয় মহিলা পৰিষদৰ সম্পাদিকা ৰুণজুন মৰাণ আৰু আয়োজক সমিতিৰ সম্পাদক ৰিপুজিত মৰাণে।
খেল পৰিচালক বুলন বৰুৱা, সুশান্ত মৰাণ, হেমচন্দ্ৰ বাৰ্গ আৰু জয়ন্ত চাউৰক লগতে মেচ কমিচনাৰ সীমান্ত মৰাণৰ পৰিচালনাত মৰাণ জাতীয় মহিলা পৰিষদ আৰু বৰুৱাহোলা স্পৰ্টছ একাডেমীৰ মাজত হোৱাল উদ্বোধনী খেল খনত মৰাণ জাতীয় মহিলা পৰিষদ দলে বৰুৱাহোলা স্পৰ্টছ একাডেমীক ১-০ গলত পৰাস্ত কৰে। মৰাণ জাতীয় মহিলা পৰিষদ হৈ প্ৰিয়ংকা তিজ্ঞাই উক্ত গ’লটো দিয়ে। লগতে উদ্বোধনী খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও প্ৰিয়ংকা তিজ্ঞাক নিৰ্বাচিত কৰি বঁটা প্ৰদান কৰা হয়।
ফুটবল প্ৰতিযোগিতাৰ উদ্বোধন কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নৱ মৰাণে। উক্ত অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলা আয়ুক্ত স্বপনীল পাল, বাঘজান-দীঘলটৰং গাঁও প্ৰধান মনোজ হাজৰিকা, বিশিষ্ট ক্ৰীড়া সংগঠক ফটিক চেতিয়া, অসম মৰাণ সভাৰ কেন্দ্ৰীয় সম্পাদক বিতোপন মৰাণ, তালাপ-কৰদৈগুৰি আঞ্চলিক সমিতিৰ সভাপতি ৰণ্টু ডাঙৰীয়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দেৱকান্ত মৰাণ, তালাপ-কৰদৈগুৰি আঞ্চলিকৰ সভাপতি পিংকু মৰাণ, মৰাণ জাতীয় মহিলা পৰিষদৰ কেন্দ্ৰীয়, আঞ্চলিক আৰু বাঘজান শাখাৰ নেতৃবৃন্দৰ লগতে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ বিষয়-ববীয়াসকল আৰু বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সভাপতি অন্নজিত হাজৰিকা, সাধাৰণ সম্পাদক পাপুল গগৈৰ লগতে কেইবা গৰাকী বিশিষ্ট ব্যক্তি।