জন্মদিন উদযাপনৰ বাবে ডুবাইলৈ নিনিয়াৰ বাবেই স্বামীক ঘোচিয়াই হত্যা পত্নীৰ
নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ: মুম্বাইৰ পুনেত সংঘটিত হৈছে এক আজৱ ঘটনা । পত্নীৰ ঘোঁচাত প্ৰাণ গ’ল ৩৬ বছৰীয়া স্বামীৰ । উল্লেখ্য যে পত্নীয়ে তেওঁৰ জন্মদিনত ডুবাইলৈ লৈ যাবলৈ স্বামীক আবদাৰ কৰিছিল । কিন্তু পত্নীক ডুবাইলৈ লৈ নোযোৱাৰ বাবেই খঙতে পত্নীয়ে স্বামীক উপৰ্যুপৰি ঘোঁচা মাৰে । ফলত ব্যক্তিজনৰ মৃত্যু হয় । টাইমছ অৱ এণ্ডিয়াই প্ৰকাশ কৰা তথ্য অনুসৰি শুকুৰবাৰে সংঘটিত হয় এই ঘটনা ।
মৃত ব্যক্তিজনৰ নামত নিখিল খান্না বুলি জানিব পৰা গৈছে । ব্যৱসায়ী নিখিলে ৬বছৰৰ পূৰ্বে ৰেণুকাৰ সৈতে প্ৰেম বিবাহ সম্পন্ন কৰিছিল । ইফালে, বিবাহ বাৰ্ষিকীত স্বামীয়ে দামী উপহাৰ নিদিয়াৰ বাবেও পত্নী ৰেণুকা খৰ্গহস্ত হৈ আছিল বুলি জানিব পৰা গৈছে ।