পতি-পত্নীৰ কাজিয়াৰ বাবেই দিল্লীত জৰুৰী বিমান অৱতৰণ

নিউজ ডেস্কঃ বেংককৰ পৰা মিউনিখলৈ যাত্ৰা কৰা লুফথানছাৰ এখন বিমানৰ ভিতৰতে স্বামী আৰু পত্নীৰ মাজত হোৱা কাজিয়াৰ বাবেই দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন বিমান জৰুৰী অৱতৰণ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। বুধবাৰে পুৱা ১০.২৬ বজাত, LHS772 বিমান খনৰ পাইলতে ঘটনাৰ বিষয়ে এয়াৰ ট্ৰেফিক কণ্টলাৰ (এটিচি)ক অৱগত কৰাৰ পাছতে দিল্লীত জৰুৰী অৱতৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।
সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি জাৰ্মানৰ ব্যক্তি আৰু তেওঁৰ থাই পত্নীৰ মাজত বিমানৰ ভিতৰতে হোৱা তৰ্ক-বিতৰ্কে এক বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল, সেই বাবেই যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছিল। জৰুৰী অৱতৰণৰ পিছতে, দম্পতীহালক বিমানবন্দৰত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) কৰ্মীসকলক গতাই দিয়ে।