প্ৰতিষ্ঠানবিৰোধিতাৰ সুবিধা ল’ব পাৰিবনে বিৰোধীয়ে ? নে বিজেপিয়ে পাব ৱাক্‌ অভাৰ!

নিউজ ডেস্ক, ৭ ডিচেম্বৰ: মাজত মাত্ৰ কেইটামান মাহ৷ ২০২৪ ৰ মাজভাগতেই অনুষ্ঠিত হ’ব অসমৰ ১৪ খন লোকসভা আসনৰ বাবে নিৰ্বাচন৷ কি হ’ব পাৰে ৰাজনৈতিক প্ৰেক্ষাপট/ প্ৰতিষ্ঠানবিৰোধী ঢৌৱে কোবাই যাব নেকি বিজেপিক?

উজনিৰ কিমান আসন বিজেপিৰ দখলত থাকিব বা নামনিতো বিজেপিৰ অখণ্ড প্ৰতাপ থাকিবনে? সাম্প্ৰদায়িক ৰাজনীতিৰে আজমল বাহিনীয়ে কাঢ়ি নিব নেকি বিজেপিৰ আসন?

 ইতিমধ্যে বিজেপিকে ধৰি বিৰোধী শিবিৰে আৰম্ভ কৰিছে লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক কুছকাৱাজ৷ অনেক জল্পনা-কল্পনাৰে ৰাজনৈতিক দলসমূহ নিজৰ নিজৰ সমীকৰণত ব্যস্ত হ’লেও অসমৰ ৰাজনৈতিক আকাশৰ ছবি এতিয়াও ধূসৰ৷

ইয়াৰ মাজত মন কৰিবলগীয়া বিষয়টো হ’ল বিজেপি চৰকাৰৰ জনবিৰোধী স্থিতি, মূল্যবৃদ্ধি, হঠকাৰী সিদ্ধান্তসমূহৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত উমি উমি জ্বলি উঠা ক্ষোভৰ দাবানলৰ বিপৰীতে কিন্তু বিৰোধীৰ এতিয়ালৈ কোনোধৰণৰ শক্তিশালী স্থিতি পৰিলক্ষিত হোৱা নাই৷

নিজকে ডাইনেমিক, স্মাৰ্ট মুখ্যমন্ত্ৰী হিচাবে দাবী কৰা ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত ভূমি কেলেংকাৰিৰ ইচ্ছু্য ওলোৱাৰ পিচতো বিৰোধীক সৰৱ হৈ উঠা দেখা নগ’ল৷ উল্লেখ্য যে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দুনীৰ্তি, মূল্যবৃদ্ধিৰ ইচ্ছু্যক লৈয়ে ক্ষমতাৰ বাঘজৰী হাতত লোৱা বিজেপিৰ দিনতে মূল্যবৃদ্ধিয়ে সৰ্বোচ্ছ সীমা অতিক্ৰম কৰাৰ পিচতো বিৰোধী দলে তাৰ সুবিধাৰে জনমত সৃষ্টি কৰিব পৰা নাই৷

দুনীৰ্তিৰ ক্ষেত্ৰতো বিৰোধীৰ কোনো শক্তিশালী ভূমিকা নাই৷ শেহতীয়াকৈ বহুবোৰ কেলেংকাৰি, দুৰ্নীতিত বিজেপি নেতা, সাংগো-পাংগৰ নাম সাঙোৰ খালেও বিৰোধী গৰজি উঠিব পৰা নাই৷

ইয়াৰ বিপৰীতে জাতীয় দল কংগ্ৰেছকে ধৰি অন্যান্য আঞ্চলিক দলসমূহেই মুখ চুপতিতে দায়িত্ব সামৰা দেখা গৈছে৷ বিজেপি চৰকাৰৰ হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতিৰ বিৰুদ্ধে বিৰোধী দেল কোনো পাশুপাত অস্ত্ৰ প্ৰয়োগ কৰিব পৰা নাই৷

বৰঞ্চ ক্ষমতাকেন্দ্ৰিক অঁৰিয়া-অৰি, বোকা ছটিওৱাৰ ৰাজনীতিতে সীমাবদ্ধ আছে বিৰোধীৰ নিৰ্বাচনী ৰণজয়ৰ প্ৰস্তুতি৷ এনে পৰিস্থিতিত পৰিৱৰ্তন বিচৰা ভোটাৰ ৰাইজো বিবুধিত৷ কি বিশ্বাসত বিৰোধীক বিশ্বাসত ল’ব৷ বিৰোধীৰ এতিয়ালৈ শক্তিশালী নিৰ্বাচনী এজেণ্ডা ৰাজ্যৰ জনসাধাৰণৰ চকুত পৰা নাই৷

শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিচতো ৰাজ্যৰ বিৰোধীয়ে এতিয়ালৈ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ মানসিক শক্তি গোটাব নোৱৰাটো গণতন্ত্ৰৰ বাবেই অশনি সংকেত বুলি ৰাজনৈতিক পৰ্যৱেক্ষক মহলে মত প্ৰকাশ কৰিছে৷ ইফালে ২০২৪ ৰ লোকসভা নিৰ্বাচনলৈ বিজেপিয়ে ককালত টঙালি বান্ধিলেও বিৰোধীৰ মাজত আসন ভাগ-বাটোৱাৰাক লৈয়ে স্থিতি স্পষ্ট হোৱা নাই৷

এনে পৰিস্থিতিত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ উকমুকনি ঘটিলেও বিৰোধীৰ দুৰ্বল ভূমিকাৰ বাবেই বিজেপিৰ নিৰংকুশ বিজয় নিশ্চিত হ’ব৷ কাৰণ বিজেপিৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰাত বিৰোধীসম্পূৰ্ণ ব্যৰ্থ৷ মন কৰিবলগীয়া যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে এতিয়াও সংখ্যাগৰিষ্ঠ ৰাইজৰ মাজলৈ সোমোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পৰা নাই৷

বিপৰীতে তৃণমূল কংগ্ৰেছৰ স্থিতি অসমত তেনেই দুৰ্বল৷ দিল্লী বা পাঞ্জাৱত আপৰ চৰকাৰ থাকিলেও এই সময়ত আপৰ দৰে দলে অসমত কিমান প্ৰভাৱ বিস্তাৰ কৰিব তাত সন্দেহ আছে৷ গতিকে মহাজোঁটবন্ধনৰ প্ৰভাৱ অসমত কিমান পৰিব সেয়া সময়তহে লক্ষ্যণীয় হ’ব৷

মন কৰিবলগীয়া যে বিগত বিধান সভা নিৰ্বাচনত জনজাতীয় মূলৰ নেতা সৰ্বানন্দ সোনোৱালৰ ওপৰত থকা আস্থা আৰু বিশ্বাসৰ বাবেই উজনিৰ ৰাইজে বিধান সভা নিৰ্বাচনত পুনৰবাৰ বিজেপিক বৰপীৰা পাৰি দিছিল৷ কিন্তু ক্ষমতাৰ সমীকৰণ সলনি হৈ যোৱাত উজনিৰ জনসাধাৰণ সম্প্ৰতি বিতুষ্ট হৈ পৰা বুলি ভূ-ৰখা মহলে ব্যক্ত কৰিছে৷ কিন্তু এই সুবিধা লোৱাৰ ক্ষেত্ৰতো বিৰোধী ব্যৰ্থ৷

কাৰণ মুখ্যমন্ত্ৰীৰ দাম্ভিকতাপূৰ্ণ আচাৰ-আচৰণ, সাম্প্ৰদায়িক মন্তব্য তথা শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল নিজেই কেলেংকাৰিত জড়িত হোৱাৰ অভিযোগ উঠিলেও সেই সুবিধা আদায় কৰাৰ ক্ষেত্ৰত বিৰোধী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে৷

আগন্তুক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকাৰ পিচত বিৰোধী শিবিৰে আত্মসংশোধন, যথোচিত পৰিকল্পনাৰে আগনাবাঢ়িলে মুখ থেকেচা খোৱাৰ লগতে বিজেপিক যে ৱাক্‌ অভাৰ দিব, সেয়া নিশ্চিত৷

Share to your Social Account