টিভি প্ৰেজেণ্টাৰ, এংকৰ তথা মিজোৰামৰ বিধায়িকা বাৰিল ভান্নাইচাংগীৰ কথা আপুনি জানেনে ?

নিউজ ডেস্ক, ৭ ডিচেম্বৰঃ ৪০খন বিধানসভা আসন থকা মিজোৰামত MNF দলক পৰাস্ত কৰিব ZPM দল ক্ষমতালৈ আহে । ZPM দলৰ পৰা বিধায়িকা হিচাবে নিৰ্বাচীত হৈছে এগৰাকী সুন্দৰী যুৱতী বাৰিল ভান্নাইচাংগী ।

বাৰিল ভান্নাইচাংগীয়ে আইজল দক্ষিণ-৩ সমষ্টিৰ পৰা শেহতীয়াকৈ অনুষ্ঠিত মিজোৰাম বিধানসভা নিৰ্বাচনত জয়লাভ কৰে আৰু ৰাজ্যখনৰ আটাইতকৈ কম বয়সীয়া মহিলা বিধায়ক হিচাবে নিৰ্বাচিত হয়।

জোৰাম পিপলছ মুভমেণ্ট (ZPM)ৰ নেত্ৰী বাৰিলে মিজো নেচনেল ফ্ৰণ্টৰ (MNF) প্ৰাৰ্থী এফ লালনুনমাৱিয়াক পৰাস্ত কৰি মুঠ ৯,৩৭০ টা ভোট লাভ কৰি বিজয় সুৰক্ষিত কৰে।

কিন্তু কোন এই বাৰিল ভান্নাইচাংগী, সৱিশেষ জানো আহক-

১. বাৰিল ভান্নাইচাংগী মিজোৰাম বিধানসভাৰ আটাইতকৈ কনিষ্ঠ বিধায়ক। তাইৰ বয়স ৩২ বছৰ।

২. নিৰ্বাচন আয়োগৰ শপতনামা অনুসৰি, বাৰিলে পূৰ্বে আইজল পৌৰ নিগমত (এএমচি) কৰ্পোৰেটৰ হিচাপে কাম কৰিছিল।

৩.তেওঁ মেঘালয়ৰ শ্বিলঙৰ নৰ্থ ইষ্টাৰ্ণ হিল বিশ্ববিদ্যালয়ৰ পৰা কলাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। প্ৰতিবেদন অনুসৰি, বাৰিলৰ তেওঁৰ বিৰুদ্ধে কোনো অপৰাধমূলক ৰেকৰ্ড নাই।

৪. বাৰিলে এগৰাকী খ্যাতি সম্পন্ন টিভি এংকৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

৫.তাই সামাজিক মাধ্যম ইনষ্টাগ্ৰামত যথেষ্ট জনপ্ৰিয় আৰু তেওঁৰ ২৫১ হাজাৰৰো অধিক অনুসৰণকাৰী আছে। তাইৰ মুঠ ৪৪৬ টা পোষ্ট আছে আৰু তাইৰ ইনষ্টাগ্ৰাম বায়োত লিখা আছে- “টিভি প্ৰেজেণ্টাৰ/হোষ্টেছ/এংকৰ/ৰাজনীতিবিদ”

Share to your Social Account