চাঞ্চল্যকৰ ঘটনা; প্ৰথমে এগৰাকী মহিলাক ধৰ্ষণ, তাৰ পাছত দেহত সুৰা ঢালি অগ্নি সংযোগ
নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰঃ মধ্য প্ৰদেশৰ গোৱালিয়ৰত এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মহিলাগৰাকীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই আৰু আৰক্ষীৰ ওচৰত এতিয়ালৈকে ভয়ংকৰ ঘটনাটোৰ কোনো সূত্ৰ নাই।
লক্ষ্যণীয় কথাটো হ’ল যে, মহিলাগৰাকীক ধৰ্ষণ কৰাৰ পাছত দেহত সুৰা ঢালি অগ্নি সংযোগ কৰা হয় । শনিবাৰে পুৱা মহিলাগৰাকীৰ উলংগ আৰু দগ্ধ মৃতদেহটো উদ্ধাৰ কৰা হয় ।
মহিলাগৰাকীক জীৱন্ত অৱস্থাত অগ্নি সংযোগ কৰা হৈছিল নে মৃত্যুৰ পাছত অগ্নি সংযোগ কৰা হৈছিল সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব ।
মহিলাগৰাকীৰ মুখ আৰু বুকু গুৰুতৰভাৱে অগ্নিদগ্ধ হয়, যাৰ ফলত চিনাক্তকৰণ কঠিন হৈ পৰে। মহিলাগৰাকীৰ দেহৰ কাপোৰ মৃতদেহৰ ওচৰতে উদ্ধাৰ কৰা হয়। ইফালে, ঘটনাটো ৰহস্যজনক কৰাৰ বাবে মৃতদেহৰ কাষত এখন ছুইচাইড নোট উদ্ধাৰ কৰা হৈছে । নোটখনত মহিলাগৰাকীৰ নাম ‘মায়া’ বুলি উল্লেখ কৰা হৈছে ।
আৰক্ষীয়ে সন্দেহ কৰিছে যে এই ছুইচাইড নোটখন তদন্তক বিপথে পৰিচালিত কৰিবলৈ ৰখা হৈছে। আৰক্ষীয়ে সম্প্ৰতি অঞ্চলৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে ।