দেশত আকৌ বাঢ়িছে কোভিড-১৯ৰ সংক্ৰমণ; এটা দিনতে ডেৰশতাধিক আক্ৰান্ত
নেশ্যনেল ডেস্ক, ১০ ডিচেম্বৰঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এটা দিনত ১৬৬ টা নতুন কোভিড-১৯ সংক্ৰমণ হৈছে । আনহাতে বৰ্তমান দেশত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ৮৯৫ লৈ বৃদ্ধি হৈছে।
দেশৰ কোভিড-19 ৰোগৰ সংখ্যা হৈছে ৪.৫০ কোটি আৰু মৃত্যুৰ সংখ্যা হৈছে ৫.৩৩ লাখ । পুৱা ৮ বজাত আপডেট কৰা তথ্যই এই কথা সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ।
এই ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪.৪৪ কোটিলৈ বৃদ্ধি হৈছে আৰু ৰাষ্ট্ৰীয় পুনৰুদ্ধাৰৰ হাৰ হৈছে ৯৮.৮১ শতাংশ । ৰোগৰ ফলত মৃত্যুৰ হাৰ ১.১৯ শতাংশ।
মন্ত্ৰালয়ৰ ৱেবছাইটঅনুসৰি, দেশত এতিয়ালৈকে ২২০.৬৭ কোটি কোভিড-19 ভেকছিন প্ৰদান কৰা হৈছে।