গছ কটাত বাধা-অভিনেতা ভূপিন্দৰ সিঙৰ গুলীত তিনিজন আহত; এজনৰ মৃত্যু
নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰ: প্ৰখ্যাত টিভি আৰু চলচ্চিত্ৰ অভিনেতা ভূপিন্দৰ সিঙৰ বিৰুদ্ধে এজন লোকক গুলীয়াই হত্যা কৰাৰ আৰু আন তিনিজনক আহত কৰাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে, এই লোককেইজনে অভিনেতাজনক গছ কটাত বাধা প্ৰদান কৰিছিল । ইয়াৰ পাছতে অভিনেতা ভূপিন্দৰ সিঙে লোক কেইজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে । যি ঘটনাত এগৰাকী লোকৰ মৃত্যু হয় ।
ইফালে, বুধবাৰে কৰ্তব্যত অৱহেলা কৰাৰ বাবে তিনিজন আৰক্ষীক নিলম্বিত কৰা হয় । ‘ইয়ে প্যাৰ না হোগা কাম’, ‘এক হাছিনা থি’, মধুবালা – এক ইশ্ক এক জুনুন’, ‘ৰিষ্টৌ কা চক্ৰব্যুহ’ আৰু ‘তেৰে শ্বেহৰ মে’ৰ দৰে জনপ্ৰিয় টিভি ধাৰাবাহিকত অভিনয় কৰা ৫৪ বছৰীয়া ভূপিন্দৰে ৩ ডিচেম্বৰত তেওঁৰ চুবুৰীয়াৰ ওপৰত তেওঁৰ অনুজ্ঞাপ্ৰাপ্ত বন্দুকেৰে নিৰ্বিচাৰ গুলীচালনা কৰি গোবিন্দৰ নামৰ লোকজনক হত্যা কৰিছিল।
আনহাতে, গোবিন্দৰ পিতৃ গুৰদীপ সিং, মাতৃ মীৰা বাই আৰু ডাঙৰ ভায়েক অমৰীক সিং গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। গুৰদীপ আৰু আমৰিক অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।