যুদ্ধবিৰতি শেষ হোৱাৰ পিছত চুডানত পুনৰ ভয়ংকৰ যুদ্ধ আৰম্ভ
After the ceasefire ended, terrible fighting resumed in Sudan
ইণ্টাৰনেশ্যনেল সেৱা ১২ জুনঃ ২৪ ঘণ্টীয়া যুদ্ধবিৰতি শেষ হোৱাৰ পিছত দেওবাৰে (১১ জুন) চুডানত পুনৰ তীব্ৰ যুদ্ধ আৰম্ভ হৈছে।
প্ৰায় আঠ সপ্তাহ পূৰ্বে দেশত সেনা আৰু প্ৰতিদ্বন্দ্বী অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ মাজত ক্ষমতা সংগ্ৰাম আৰম্ভ হৈছিল।
আল জাজিৰাৰ চুডানৰ সংবাদদাতা হিবা মৰ্গানে জনোৱা মতে, দেওবাৰে পুৱা যুদ্ধবিৰতি শেষ হোৱাৰ ৩০ মিনিটৰ ভিতৰতে চুডানৰ বিভিন্ন ঠাইত বিমান আক্ৰমণ, আৰ্টিলাৰীৰ গুলী আৰু মেচিনগানৰ গুলীৰ শব্দ শুনা যায়।
দেওবাৰে নৱীকৃত যুদ্ধৰ ফলত খাৰ্টুমত ৭ জন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
দেওবাৰৰ পৰা আৰম্ভ হোৱা যুঁজখন যথেষ্ট তীব্ৰ হোৱা বুলি জানিব পৰা গৈছে। কাৰণ চুডানৰ সেনাই আৰ এছ এফৰ ঘাটিটোৰ বিৰুদ্ধে বিমান আক্ৰমণ চলাইছে।
হিবা মৰ্গানে কয় যে যুদ্ধ চলি থকা অঞ্চলৰ বাসিন্দাসকলে নিৰাপদ স্থানত আশ্ৰয় লৈছে।
ইফালে, চাদৰ সীমান্তৰ সমীপৰ ওমদুৰমানৰ উত্তৰত অৱস্থিত এল-জেনিনা আৰু খাৰ্টুমৰ দক্ষিণ-পশ্চিমে উত্তৰ কৰ্ডোফান ৰাজ্যৰ ৰাজধানী এল-ওবেইদত তীব্ৰ যুদ্ধ চলি আছে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায়।
আমেৰিকা আৰু চৌদি আৰবে যুদ্ধবিৰতিৰ দালালি কৰি দেশখনত অতি প্ৰয়োজনীয় মানৱীয় সাহায্য লাভ কৰিবলৈ সক্ষম হয়। এই যুদ্ধবিৰতিৰ ফলত চলি থকা যুদ্ধৰ অন্ত পৰিব বুলিও আশা কৰা হৈছিল।
মৰ্গানে কয় যে ২৪ ঘণ্টীয়া যুদ্ধবিৰতিৰ সময়ত একাংশ সাহায্য গোটে আৰ্তজনৰ কাষ চাপিবলৈ সক্ষম হৈছিল। কিন্তু ৰাজধানীৰ উত্তৰ অংশত আবদ্ধ হৈ আছে অসহায় লোক।
আনহাতে, পশ্চিম দাৰফুৰৰ পৰিস্থিতিক ‘বিপৰ্যয়জনক’ বুলি অভিহিত কৰা হৈছে।
বিশেষকৈ এল-জেনিনাই কেইবা সপ্তাহ ধৰি যোগাযোগৰ বিজুতিৰ সন্মুখীন হৈ আহিছে। আৰব যাযাবৰী জনজাতিসকলে তাত আৰ এছ এফৰ সৈতে যুঁজত যোগদান কৰে।
এই জনজাতীয় মিলিচীয়াসমূহে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লৈছে বুলি মৰ্গানে কয়। পশ্চিম দাৰফুৰ ডাক্তৰ ছিণ্ডিকেটে এই হত্যাকাণ্ডক গণহত্যাৰ সমান বুলি অভিহিত কৰিছে।
চুডানৰ সীমান্তত থকা চাদৰ আদ্ৰে চহৰত আলজাজীৰাৰ সংবাদদাতা জেইন বাছৰৱীয়ে জনোৱা মতে, বিগত এসপ্তাহ ধৰি হিংসাত্মক পৰিস্থিতিৰ বাবেই লোকসকলে চুবুৰীয়া ৰাষ্ট্ৰ চাডলৈ পলায়ন কৰিছে। কঠিন আৰু বিপদজনক যাত্ৰা আছিল।
এল জেনিনাৰ পৰা আদ্ৰেলৈ পলায়ন কৰা আব্দুল কৰিম হাৰৌনে কয় যে যাত্ৰাত তেওঁক প্ৰহাৰ কৰি ভাতৃক হেৰুৱাইছিল।
দাৰফুৰলৈ যোৱা মূল পথ এল-ওবেইদ ঘেৰাও কৰা বুলি কোৱা হয়।
বাসিন্দাসকলে কয় যে খাদ্য আৰু ঔষধৰ যোগান কৰ্তন কৰা হৈছে।
উত্তৰ কৰ্ডোফানৰ বাসিন্দা মহম্মদ ছলমানে ৰয়টাৰ সংবাদ সংস্থাক কয় যে পৰিস্থিতি কঠিন। গাঁৱৰ মাজমজিয়া ৰাজপথত বিয়পি পৰিছে আৰ এছ এফ আৰু তেওঁলোকে লুণ্ঠন চলাই আছে। গতিকে ঠাইখন সলনি কৰাটো বিপদজনক হৈ পৰিছে। এই পৰিস্থিতিত আমি কেনেকৈ জীয়াই থাকিম নাজানে।’
আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাৰ হিচাপ অনুসৰি চুডানত ১৪ লাখতকৈ অধিক লোক স্থানচ্যুত হোৱাৰ লগতে ৪ লাখ ৭৬ হাজাৰ ৮০০ লোক চুবুৰীয়া দেশলৈ পলায়ন কৰিছে।
উৎসঃ আল জাজিৰা