বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে বিৰোধী শক্তিক একত্ৰিত কৰাৰ বাবে উত্তৰ পূবলৈ আহিব শিৱ সেনাৰ নেতা উদ্ধৱ থাকৰে

0

গুৱাহাটী , 21 জুন: বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে বিৰোধী শক্তিক একত্ৰিত কৰাৰ বাবে উত্তৰ পূবলৈ আহিব শিৱ সেনাৰ নেতা উদ্ধৱ থাকৰে ৷ বুধবাৰে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ উল্লেখ্য যে বুধবাৰে মুম্বাইত অসম জাতীয় পৰিষদৰ নেতৃবৃন্দ উপস্থিত হৈ শিৱ সেনাৰ নেতা উদ্ধৱ থাকৰেৰ সৈতে বৈঠকত মিলিত হয় ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত যোৱা 4 জনীয়া দলটোৱে মুম্বাইৰ ‘মাতোশ্ৰী’ত উদ্ধৱ থাকৰেৰ সৈতে আলোচনাত মিলিত হয় ৷ সমগ্ৰ ভাৰতবৰ্ষৰ আঞ্চলিক শক্তি, জাতীয়তাবাদী শক্তিসমূহে পৰৱৰ্তী দিনত কেনেধৰণে ভূমিকা ল’ব লাগিব সেই সম্পৰ্কে বৈঠকত আলোচনা কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ গগৈয়ে লগতে কয় যে বিজেপিক পৰাভূত কৰিবলৈ যি ৰণকৌশল গ্ৰহণ কৰিছে সেই ব্যৱস্থাটোত উদ্ধৱ থাকৰে সন্মুখত থাকি নেতৃত্ব দিছে । উত্তৰ পূৰ্বাঞ্চললৈ তেওঁ আহি ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহৰ লগত যোগাযোগ কৰি আঞ্চলিক ধাৰাটো শক্তিশালী কৰাৰ বাবে ঐক্যবদ্ধভাৱে আগবঢ়াই নিবলৈ আলোচনা কৰিব বুলি আশ্বাস দিয়ে বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷ অসম জাতীয় পৰিষদৰ দলটোত সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে উপস্থিত থাকে সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি চমছেৰ সিং আৰু মুখপাত্ৰ জিয়াউৰ ৰহমান ৷

Share to your Social Account

Leave a Reply

Your email address will not be published. Required fields are marked *