আৱেগতে হিয়া ভঙা যতীন বৰাক অসমবাসীৰ যোগ্য প্ৰত্যুত্তৰ

আপডেট নাউ, ২৯ অক্টোবৰ: সংগ দোষত পৰিল যতীন বৰা । সংগ দোষৰ বাবেই ৰাইজৰ সঁহাৰি পোৱা নাই যতীন বৰাৰ ৰাঘৱে- যতীন বৰাৰ সদ্য মুক্তিপ্ৰাপ্ত ৰাঘৱ নামৰ ছবিখনে দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম নোহোৱাক কেন্দ্ৰ কৰি এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

উল্লেখ্য যে দুদিন পূৰ্বে মুক্তি লাভ কৰিলে যতীন বৰাৰ নতুন ছবি ৰাঘৱে । ছবিগৃহত আজি ৰাঘৱৰ তৃতীয় দিন । কিন্তু ছবিখনে বিশেষ বাণিজ্যিক সফলতা লাভ কৰিব পৰা নাই । সামাজিক মাধ্যমতো যতীন বৰাৰ ছবি ৰাঘৱক লৈ ব্যাপক চৰ্চা চলিছে ।

এনে সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ভূপেন বৰাই কয় যে-ৰাঘৱ ছবিখনে ৰাইজৰ পৰা সঁহাৰি নোপোৱাৰ মূলতে হ’ল যতীন বৰাৰ সংগ দোষ । যতীন বৰাৰ সংগক ৰাইজে বেয়া পাইছে । এয়া জাতীয় জীৱনত অসমীয়া মানুহৰ অনুভৱ । এই পৰিস্থিতি বিজেপিৰ লগতে বিজেপিৰ কোনো নেতাই অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাই । যতীন বৰাই বেয়া সংগত গৈছে ।

স্মৰ্তব্য যে, কা আন্দোলনৰ গইনা লৈ যতীন বৰাই সুবিধাবাদীৰ চৰিত্ৰত অৱতীৰ্ণ হৈ অসমীয়া ৰাইজক কৰা প্ৰতাৰণাৰ কথা কোনেও পাহৰা নাই । তাৰ উচিত প্ৰত্যুত্তৰ এতিয়া এইদৰেই দিছে অসমৰ ৰাইজে । নায়ক হ’ব খুজি আজি খলনায়কত পৰিণত হৈছে যতীন বৰা ।

ইফালে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু কয় যে-নিজৰ এনে পৰিস্থিতি আজি কিয় হৈছে সেয়া যতীন বৰাই উপলব্ধি কৰা উচিত । মুঠৰ ওপৰত এতিয়া ৰাঘৱৰ বাণিজ্য়িক সফলতা-বিফলতাক লৈ সৰ্বত্ৰে চলিছে ব্যাপক চৰ্চা ।

Share to your Social Account