তিনিচুকীয়াত অনুষ্ঠিত কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে; কি কি পালে পালে তিনিচুকীয়াই ?
![](https://updatenowne.in/wp-content/uploads/2023/12/Cabinet-1024x576.jpg)
তিনিচুকীয়া, ১ ডিচেম্বৰ: আজি তিনিচুকীয়াত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে চাওক-
অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু মেডিকেল কলেজসমূহত সপ্তম শ্ৰেণীৰ পৰা চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৫% আসন সংৰক্ষণ, কাজিৰঙাত নিৰ্মাণ হ’ব TAJ HOTEL, Corporate Social Authority অনুমোদন, ATCL ৰ বাগানসমূহৰ শ্ৰমিকসকলৰ বাবে ATCL লৈ ১০০ কোটি টকা অনুদান, উত্তৰ গুৱাহাটীত এটা কোম্পানীয়ে কলেজ স্থাপনৰ বাবে মাটি অনুমোদন, ২১০০০০ মিছন বসুন্ধৰাৰ ফলত মাটিৰ পট্টা দিয়াৰ সিদ্ধান্ত, চতুৰ্থবৰ্গৰ অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড দিয়াৰ বাবে অনুমোদন। লগতে সাংবাদিক হীৰেন্দ্ৰনাথ বৰশইকীয়ালৈ এই বছৰৰ চুক্যাফা বঁটা
তিনিচুকীয়াৰ বাবে কি কি ঘোষণা?
তিনিচুকীয়া থানা চাৰিআলিত মাল্টিলেভেল পাৰ্কিং নিৰ্মাণ, তিনিচুকীয়া বাইপাছত ট্ৰাক টাৰ্মিনাছআৰু ISBT নিৰ্মাণ, তিনিচুকীয়া মেডিকেল কলেজলৈ উৰণসেঁতু নিৰ্মাণ, ন-পুখুৰী উন্নয়নৰ বাবে ১০ কোটি টকা অনুমোদন, বৰদলৈ নগৰ পাৰ্কৰ বাবে ২ কোটি টকা অনুমোদন, ৰঙাগড়া ৰোডৰ বাইপাছ চাৰিআলিত আণ্ডাৰপাছ নিৰ্মাণ, ন-পুখুৰীৰ ফ্লাই অভাৰ সৌন্দৰ্ষবৰ্ধন, ক’ট তিনিআলিৰ পৰা জিলা আয়ুক্ত কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয় সন্মুখৰ পথটো কাষৰ নৰ্দমাৰ সৈতে নিৰ্মাণ কৰা ।
লগতে ডুমডুমা মহাবিদ্যালয়ত ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণ, ডুমডুমাত ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণ, ডুমডুমা নদীৰ ওপৰত RCC দলং নিৰ্মাণ, ডুমডুমা নগৰত উৰণসেঁতু, মাৰ্ঘেৰিটাৰ পৰা চাংলাং গেটলৈ পথ নিৰ্মাণ কৰা হ’ব, জাগুণ কাথাচিঙাৰ পৰা ব্ৰহ্মজান টেকেৰী গাঁৱলৈকে পথ নিৰ্মাণ কৰি বুঢ়ীদিহিং নদীৰ ওপৰত এখন দলং নিৰ্মাণ, ডিগবৈত চুইমিংপুলৰ সৈতে ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণ, ডিগবৈ চাৰিয়ালিৰ পৰা বৰবিললৈ ২ কিলোমিাৰ পথত নলা নিৰ্মাণ, মাকুমত নলা-নৰ্দমা নিৰ্মাণ, শদিয়াত ড. ভূপেন হাজৰিকাৰ সেঁতুৰ কাষত ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ লগতে এখন পাৰ্ক নিৰ্মাণ, চপাখোৱাত ষ্টেডিয়াম নিৰ্মাণ, কাকপথাৰত ষ্টেডিয়াম নিৰ্মাণ, বুঢ়াবুঢ়ী থানৰ বাবে ৫ কোটি, শদিয়াৰ অমৰপুৰলৈ বিজুলিবাতি সংযোগৰ বাবে ৫০ কোটি ঘোষণা, তিনিচুকীয়াৰ জিলা ষ্টেডিয়ামৰ বাবে ৫০ কোটি টকা ঘোষণা কৰে আজিৰ কেবিনেটে।