লাভ জিহাদৰ পূৰ্বে আহিব বহু বিবাহ বিৰোধী বিধেয়ক; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

নিউজ ডেস্ক, ১৬ ডিচেম্বৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে প্ৰস্তাৱিত বহুবিবাহ বিধেয়কখন চৰকাৰৰ প্ৰথম লক্ষ্য। ইয়াৰ পিছতহে চৰকাৰে লাভ জিহাদ বিৰোধী আইন অনাৰ বিষয়ে চিন্তা কৰিব।

“প্ৰথমে বহুবিবাহ বিধেয়ক হ’ব। আমি পিছত লাভ জিহাদৰ বিষয়ে চিন্তা কৰিব। আমি প্ৰথমে বহুবিবাহৰ সৈতে আইন আৰম্ভণি কৰিম,” মুখ্যমন্ত্ৰী শৰ্মাই কয়।  

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বহুবিবাহ বিধেয়কখন অহা বছৰৰ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ আগন্তুক অধিৱেশনত উত্থাপন কৰা হ’ব। বিধানসভা অধিৱেশন ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।

Share to your Social Account