চাবুৱাৰ বালিজান চাহ বাগিছাৰ অঞ্জনাই আমেৰিকাৰত দিব আল্টিমেট ফ্ৰিচবী খেলৰ প্ৰশিক্ষণ
![](https://updatenowne.in/wp-content/uploads/2024/06/232-1024x576.jpg)
চাবুৱা, ৩০ জুনঃ শিশু অৱস্থাত বা কৈশোৰ কালত কোনো ধৰণৰ খেলত অংশগ্ৰহণ কৰি নোপোৱা, আনকি দৌৰিও নোপোৱা ছোৱালীজনী যে জীয়ৰী অৱস্থাত হঠাতে খেলৰ সৈতে জড়িত হৈ পৰিব তাই নিজেও কোনোদিনে ভবাই নাছিল।
আজি ক্ৰীড়াৰ বাবেই যুৱতীগৰাকীয়ে আমেৰিকালৈ উৰা মাৰিছে। ভাৰতৰ আন আন প্ৰশিক্ষক সকলৰ সৈতে এক বিশেষ খেলৰ প্ৰশিক্ষণ দিবলৈ ৰাওনা হৈছে আমেৰিকাৰ নিউ জাৰ্ছী চহৰলৈ। য’ত একত্ৰিত হব আমেৰিকাৰ বিভিন্ন ৰাজ্যৰ পৰা অহা সহস্ৰাধিক প্ৰশিক্ষাৰ্থী খেলুৱৈ।
ছোৱালীগৰাকী হৈছে অঞ্জনা মাঝী। ডিব্ৰুগড়ৰ চাবুৱাৰ নৰ্থ বালিজান চাহ বাগিছাৰ ডুমকা লাইনৰ দৰিদ্ৰ পৰিয়ালৰ প্ৰতিভাবান ছোৱালী অঞ্জনা। সৰুতে মাকৰ মৰমৰ পৰা বঞ্চিত হোৱা আৰু বহু দুখ কষ্টৰ মাজেৰে ডাঙৰ দীঘল হোৱা অঞ্জনাই ঘৰৰ আৰ্থিক অৱস্থাৰ বাবে নিজৰ উচ্চ শিক্ষাও সম্পূৰ্ণ কৰিব নোৱাৰিলে।
বাগিছাত দিন হাজিৰা কৰি পৰিয়ালৰ ভৰণ পোষণ দিয়া পিতৃৰ অৱসৰৰ পাছত যেন তাইৰ ওপৰতে সম্পূৰ্ণ দায়িত্ব আহি পৰিছিল। জীৱন জীৱিকাৰ বাবে কম বয়সতে তাই দক্ষিণ ভাৰতলৈ যাত্ৰা কৰিছিল আৰু ব্যক্তিগত কোম্পানীৰ অধীনত ছমাহ দিন কাম কৰিবলগীয়া হৈছিল।
কিন্তু ২০২১ চনত জীৱন শিক্ষা নামৰ এটা এন জি অ’ ই সলনি কৰি দিলে অঞ্জনাৰ জীৱন।এন জি অ’টোৱে চাবুৱাৰ বাগিচা অঞ্চলত আল্টিমেট ফ্ৰিচবী খেলৰ প্ৰশিক্ষণ প্ৰদান দি থকাৰ সময়ত লগৰ সমনীয়াৰ লগত উৎসুকুতাৰও কি খেল হয় বুলি চাবলৈ অহা ছোৱালীজনীৰ জীৱনৰ গতি পথ যেন সেই দিনটোতেই সলনি হৈছিল।
কেতিয়াও কোনো খেলৰ সৈতে জড়িত নথকা ছোৱালীজনীৰ প্ৰতিভাৰ উমান পাইছিল তামিলনাডুৰ পৰা অহা প্ৰশিক্ষকদ্বয় মৃণালিনী আৰু ভাৰতৰ ফ্ৰিচবীৰ জনক হিচাপে খ্যাত মনিকমে। অঞ্জনাক নিৰ্বাচিত হৈছিল এটা তিনিমহীয়া প্ৰশিক্ষণ শিৱিৰৰ বাবে আৰু অনুষ্ঠিত হৈছিল তামিলনাডুৰ অৰভিল (Aurovile) নামৰ এক বিখ্যাত গাঁৱত।
এই তিনিমহীয়া প্ৰশিক্ষণে অঞ্জণাক এগৰাকী পৈণত খেলুৱৈ হিচাবে গঢ়ি তুলিছিল ।অঞ্জনাই তামিলনাডুৰ পৰা আহি নিজৰ ঠাই চাবুৱা তথা ওচৰ পাজৰৰ ছোৱালী সকলক লৈ আৰম্ভ কৰিলে আল্টিমেট ফ্ৰিচবী খেলৰ প্ৰশিক্ষণ ।পৰৱৰ্তী পৰ্যায়ত অঞ্জনাই মণিপুৰত এমাহ থাকি অঞ্জনাই এই খেলৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল।
ইয়াৰ পৰা যেন আৰু থমকি ৰ’ব লগা হোৱা নাই চাবুৱাৰ অঞ্জনা।অঞ্জনাৰ লক্ষ্য এই নতুন খেলবিধৰ জৰিয়তে বিদ্যালয় আধাতে সাং কৰা বা একেবাৰে নোযোৱা কিশোৰী সকলক শিক্ষা প্ৰদান কৰা। এইবাৰ অঞ্জনাই আমেৰিকাৰ ছোৱালী কিশোৰী সকলক দিব আল্টিমেট ফ্ৰিচবী খেলৰ প্ৰশিক্ষণ।
বাগিচা অঞ্চলৰ পৰা গৈ পৃথিৱীৰ শীৰ্ষ স্থানত থকা উন্নত দেশ আমেৰিকাৰ ছোৱালীক যে খেল,পঢ় শুনাৰ যে কিটিপ প্ৰদান কৰিব অঞ্জনাই তাক লৈ এতিয়া অঞ্জনাৰ লগতে পৰিয়ালবৰ্গ, চাবুৱাৰ ৰাইজ গৌৰাম্বিত হৈ পৰিছে।