সম্পাদকীয়- ৰাজ্যৰ অৰ্থনীতিৰ বিপৰ্যয়
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত ভয়ংকৰ বিত্তীয় সংকটৰ দিশে গতি কৰিছে । ঋণৰ ওপৰত ঋণ লৈ ৰাজ্যখনক ব্যাপক সংকটৰ দিশে ঠেলি দিছে ৰাজ্যৰ বিজেপি চৰকাৰখনে । উল্লেখ্য যে যোৱা ৬ জুন তাৰিখে পুনৰ ১০০০ কোটি টকাৰ ঋণ ল’লে । ৰাজ্যৰ অৰ্থনীতি এতিয়া এনে দিশলৈ গতি কৰিছে যে ঋণৰ সুদ দিবলৈকে আকৌ ঋণ ল’ব লগীয়া হৈছে চৰকাৰখনে ।
ৰাজ্যৰ ব্যাপক উন্নতি সাধন হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিলেও ৰাজ ভঁৰাল মে এনেবাৰ শূন্য সেই কথা সহজেই অনুমেয় । হিতাধিকাৰী সৃষ্টিৰে কেৱল চমক সৃষ্টিতহে ব্যস্ত হৈ পৰিছে চৰকাৰখন । ৰাজ্যৰ চৰম বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ এতিয়া চৰকাৰে ৰাইজৰ ওপৰত জাপি দিছে কৰৰ বুজা । বিদ্যুৎ মাচুল বৃদ্ধিকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে চৰকাৰখনে ।
ইয়াৰ মাজতে অসম চৰকাৰে মুঠ ৬টাকৈ বিভাগক অতিৰিক্তভাৱে ৩৬ হাজাৰ কোটি টকা সংগ্ৰহৰ বাবে টাৰ্গেট দিছে । ফলত এই ছটা বিভাগে এতিয়া টাৰ্গেট সম্পূৰ্ণ কৰিবলৈ জধে মধে কৰ সংগ্ৰহত নামি পৰিব । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব সাধাৰণ ৰাইজৰ ওপৰত ।
স্মৰ্তব্য যে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকালত ৪৮,৮০১ কোটি টকা ঋণ লোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়ালৈকে ৪৪ হেজাৰ ৫০৮ কোটি টকা ঋণ লৈছে । কিন্তু হিমন্ত বিশ্বই লোৱা ঋণৰ ধন কোনো উৎপাদনমূলক কামত ব্যয় হোৱা নাই । বৰঞ্চ ব্যয় কৰা হৈছে হিতাধিকাৰী সৃষ্টিত ।
ইফালে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক চমুকৈ কেগৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনতো ৰাজ্যখনৰ ঋণৰ বোজাৰ প্ৰসংগ উল্লেখ কৰা হৈছে । কেগৰ প্রতিবেদনত স্পষ্ট কৰি দিয়া হৈছে যে মূলধন গঠন আৰু বিকাশ অবিহনে ঋণৰ পৰিমাণ বৃদ্ধি ৰাজ্যখনৰ ভৱিষ্যৎ প্রজন্মৰ বাবে এক অভাৱনীয় বোজা হৈ পৰিব ।
ইয়াৰ পাচতো ফটা ঢোল কোবাবলৈ এৰা নাই হিমন্ত বিশ্বই । এতিয়া যেন ৰাজ্যত এজনেই মন্ত্ৰী আছে । আৰু তেঁওৱেই হৈছে হিমন্ত বিশ্ব শৰ্মা । নিযুক্তিৰে চমক সৃষ্টি কৰিলেও ৰাজ্য চৰকাৰৰ আম্ভন্তৰীণ অৱস্থা ফোপোলা। উল্লেখ কৰা প্ৰয়োজন যে দেশৰ অৰ্থনীতি হেডলাইন মেনেজমেণ্ট আৰু হোৱাটছএপ্প ফৰৱাৰ্ডৰ জৰিয়তে পৰিচালনা কৰিব নোৱাৰি ।