![](https://updatenowne.in/wp-content/uploads/2023/06/IMG-20230608-WA0001-1024x576.jpg)
নিউজ ডেস্ক, ৮ জুনঃ চমক সৃষ্টি কৰাত কেতিয়াও পিছ পৰি নাথাকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৷ এইবাৰ গছপুলি ৰোপন কৰি বিশ্ব অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে চৰকাৰ ৷ দুই অক্টোবৰত ৰাজ্যত 1 কোটি গছপুলি ৰোপন কৰাৰ লক্ষ্য চৰকাৰৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা ৷
2 অক্টোবৰত মহাত্মা গান্ধীক স্মৰণ কৰি 1 কোটি গছপুলি ৰোপন কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ ৷ পুৱা ৯ বজাৰ পৰা ১১ বজাৰ ভিতৰত এই 1 কোটি গছপুলি ৰোপন কৰা হ’ব ৷ আনহাতে গছপুলি জোপা প্ৰতিপালন কৰাৰ বাবে চৰকাৰে প্ৰতিগৰাকী ব্যক্তিকেই দিব ১০০ টকাকৈ ৷
যদিহে ৩ বছৰ গছ জোপা জীয়াই থাকে তেন্তে গছৰ গৰাকীক আৰু 200 টকা উপহাৰা হিচাবে দিয়া হ’ব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই ৷
প্ৰকৃতিৰ সংকটৰ সময়ত চৰকাৰৰ এই পদক্ষেপ সঁচাকৈয়ে আদৰণীয় ৷ কিন্তু গছপুলি ৰোপনৰ ক্ষেত্ৰতো হিতাধিকাৰী সৃষ্টিৰে চমক সৃষ্টি কৰিবলৈ আগবাঢ়িছে চৰকাৰখনে ৷
ৰাজ্যৰ কঠোৰ বিত্তীয় সংকটৰ সময়ত চৰকাৰৰ এই পদক্ষেপ কিমান গ্ৰহণযোগ্য তাকে লৈ উত্থাপন হৈছে প্ৰশ্নৰ ৷ সেয়া যি কি নহওক, হিতাধিকাৰী সৃষ্টি আৰু চমক সৃষ্টিত যে হিমন্ত বিশ্ব শৰ্মা পিছ পৰি নাথাকে তাৰ জলন্ত উদাহৰণ এই সমূহেই