চ্যুকাফা দিৱসৰ অস্থায়ী পেণ্ডেলৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ ব্যয় ২ কোটি ২২ লাখ
নিউজ ডেস্ক, ২৬ নৱেম্বৰ: অহা ২ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত টিংখাঙত হ’ব ৰাজ্য চৰকাৰৰ চ্যুকাফা দিৱস । এই চ্যুকাফা দিৱসৰ উপলক্ষে অস্থায়ী পেণ্ডেল, মঞ্চ আদি নিৰ্মাণৰ বাবে ব্যয়ৰ পৰিমাণ ধাৰ্য কৰা হৈছে হৈছে ২ কোটি ২২ লাখ ৪৩ হেজাৰ টকা ।
উল্লেখ্য যে, শেহতীয়াকৈ অসম চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ NOC বিতৰণ, বিহুৰ বিশ্ব ৰেকৰ্ডৰ চেক বিতৰণ, স্কুটী বিতৰণ আদিৰ বাবে অস্থায়ী মঞ্চ নিৰ্মাণৰ নামত কোটি কোটি টকা ব্যয় কৰিছে । তাৰ সমান্তৰালভাৱে চৰকাৰে প্ৰতিমাহে অতিকমেও এহেজাৰ কোটি টকালৈ ঋণ লৈ আহিছে ।
যাৰ ফলত ৰাজ্যখনৰ ওপৰত বিত্তীয় বোজা বৃদ্ধি পাইছে । এই বিত্তীয় বোজা জোৰা মাৰিবলৈ চৰকাৰে সম্প্ৰতি ব্যাপক হাৰত ৰাইজপ ওপৰত কৰ আৰোপ কৰিছে । পৰিকল্পনাবিহীনভাৱে কোটি কোটি টকা অবাবদ আৰু চমক সৃষ্টিৰ নামত ব্যয় কৰাৰ ফলত ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হৈ পৰিব বুলি অৰ্থনৈতিক বিশেষজ্ঞসকলে মত পোষণ কৰিছে ।
মন কৰিবলগীয়া যে, অহা ৩০ নৱেম্বৰত ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণৰ বাবে খানাপাৰত অস্থায়ী পেণ্ডেল নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে ২.৩২ কোটি টকা ।