ৰাজকোষ উদং; আকৌ এহেজাৰ কোটি টকাৰ ঋণ ল’ব চৰকাৰে

নিউজ ডেস্ক, ৮ ডিচেম্বৰঃ হিতাধিকাৰী সৃষ্টিৰে চমক সৃষ্টি কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ ঋণ লোৱাৰ দিশে আগবাঢ়িছে । উল্লেখ্য যে, শেহতীয়াকৈ চৰকাৰে ব্যাপক হাৰত ঋণ লৈ আহিছে । ঋণৰ টকাৰে জনকল্যাণমূলক কাম কৰাৰ বিপৰীতে অমৃত বৃক্ষ, অমৃত কলহ, খেল মহাৰণ, অস্থায়ী পেণ্ডেল আদি নিৰ্মাণ কৰি শ শ কোটি টকা ব্যয় কৰি আহিছে ।

মুঠৰ ওপৰত প্ৰতিমাহত এহেজাৰ কোটি টকা ঋণ নল’লে যেন এতিয়া চৰকাৰেই নচলে । ইয়াৰ পৰাই এতিয়া স্পষ্ট হৈ পৰিছে যে ইতিমধ্যেই ৰাজকোষৰ তলি উদং হৈ পৰিছে । এইবাৰ ১২ ডিচেম্বৰত চৰকাৰে ৰিভাৰ্জ বেংকৰ পৰা আকৌ ল’ব এহেজাৰ কোটি টকাৰ ঋণ ।

মন কৰিবলগীয়া যে, বিগত ২ ডিচেম্বৰত অসম চৰকাৰে টিংখাঙত অনুষ্ঠিত কৰা চ্যুকাফা দিৱসৰ অস্থায়ী পেণ্ডেলৰ নামত ব্যয় কৰিলে ২ কোটি ২২ লাখ ৪৩ হাজাৰ টকা ।

সমান্তৰালভাৱে, বিগত ৩০ নৱেম্বৰত খানাপাৰাত স্কুটী বিতৰণৰ বাবে অস্থায়ী পেণ্ডেল নিৰ্মাণ কৰাৰ নামত ব্যয় কৰিলে ২ কোটি ৩২ লাখ টকা । এইদৰেই এতিয়া চৰকাৰে ঋণৰ ওপৰত ঋণ লৈ অযথা ধন ব্যয় কৰি আহিছে ।

কেৱল সিমানেই নহয়, ঋণৰ সুদ মাৰিবলৈকে চৰকাৰখনে এতিয়া ঋণ ল’ব লগীয়া হৈছে । ইফালে, তলি উদং ৰাজকোষৰ জোৰা মাৰিবলৈ চৰকাৰে ৰাইজৰ ওপৰত জাপি দিছে কৰৰ বোজা ।

Share to your Social Account