পাঁচ শীৰ্ষ ৰাজ্যৰ ভিতৰত অসম; বাস্তৱ নে অলীক সপোন?
![](https://updatenowne.in/wp-content/uploads/2023/12/Thump-1024x576.jpg)
নিউজ ডেস্ক, ৭ ডিচেম্বৰ: পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি প্ৰতাপী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰীসকলে অসমৰ জনসাধাৰণক দেখুওৱা স্বপ্নটো হ’ল ভাৰতবৰ্ষৰ প্ৰথম পাঁচখন বিকশিত ৰাজ্যলৈ অসমকো উন্নীত কৰা। ২০১৬ চনৰপৰা ২০২৩ বৰ্ষই মেলানি মাৰিবলৈ লোৱাৰ সময়লৈকে লুইতৰ বুকুৱেদি বহু পানী বৈ গ’ল। ৰাজ্যখনকো জোঁকাৰি গ’ল বহু ৰাজনৈতিক উত্থান-পতন, প্ৰশাসনিক সফলতা-বিফলতাৰ পৰিঘটনাই। ইয়াৰ ভিতৰত বছৰে বছৰে হিতাধিকাৰীৰ সংখ্যা বাঢ়িছে, কাগজ কল বন্ধ হৈছে, কৃষিখণ্ডৰ পঁয়ালগা অৱস্থা, উদ্যোগীকৰণৰ নাম-গোন্ধ নাই, ৰাজ্যবাসীৰ ওপৰত কৰৰ ওপৰত কৰৰ বোজা জাপি দিয়া হৈছে তেনেক্ষেত্ৰত দেশৰ পাঁচ শীৰ্ষ ৰাজ্যৰ ভিতৰত অসম, এয়া প্ৰকৃততে বাস্তৱ নে অলীক সপোন? বাস্তৱিকতে পৰিসংখ্যাই কি ছবি দেখুৱায় ?
এখন ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত বহুলাংেশ ভূমিকা পালন কৰে ভৌগোলিক আয়তনে। মন কৰিবলগীয়া যে অৰ্থনৈতিক ক্ষেত্ৰত দেশৰ পাঁচখন শীৰ্ষ ৰাজ্যৰ তুলনাত অসমৰ ভৌগোলিক মাটিকালি দেশৰ ভিতৰত সপ্তদশ স্থানত। তালিকাৰ শীৰ্ষত থকা মহাৰাষ্ট্ৰৰ তিনিলাখ সাত হেজাৰ সাতশ তেৰ বৰ্গ কিল’মিটাৰ ভূমিৰ বিপৰীতে অসমৰ মাটিকালিৰ পৰিমাণ মাত্ৰ আঠসত্তৰ হাজাৰ চাৰিশ আঠত্ৰিশ বৰ্গ কিল’মিটাৰ। অন্যহাতে তালিকাৰ পঞ্চম স্থানত থকা উত্তৰ প্ৰদেশৰ ভৌগোলিক পৰিসীমা দুই লাখ চল্লিশ হেজাৰ নশ আঠাইছ বৰ্গ কিল’মিটাৰ। অসমৰ মাটিকালিৰ পৰিমাণ আঠসত্তৰ হাজাৰ চাৰিশ আঠত্ৰিশ বৰ্গ কিল’মিটাৰ হ’লেও ৰাজ্যখনত পাহাৰ-নদী-বনাঞ্চলৰ পৰিমাণো কম নহয়। তেনেস্থলত মাটিকালিৰ দিশেৰেও অসমৰ অৰ্থনৈতিক উন্নয়নৰ দিশত পিছপৰি ৰ’বলগীয়া অৱস্থা।
ৰাজ্য এখনৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ভৰ কৰে ঔদ্যোগিক বিকাশৰ ওপৰত। ঔদ্যোগিক বিকাশৰ সমান্তৰালভাবে কল-কাৰখানাৰ সংখ্যাইয়ো এখন ৰাজ্যত কৰ্মসংস্থাপনৰ দুৱাৰ মুকলি কৰে। কল-কাৰখানাৰ তালিকাতো অসমৰ স্থান সপ্তদশ। ২০২২-২৩ বৰ্ষৰ পৰিসংখ্যা অনুসৰি অসমত থকা কল-কাৰখানাৰ সংখ্যা মাত্ৰ ৪১৯৬ টা। ইয়াৰ বিপৰীতে তালিকাৰ প্ৰথম পাঁচখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰত ২৫,৬১০, তামিলনাডুত ৩৮,৮৩৭, গুজৰাটত ২৮,৪৭৯, কণাটকত ১৪,১৬৯ টা আৰু পঞ্চম স্থানত থকা উত্তৰ প্ৰদেশত থকা কাৰখানাৰ সংখ্যা ১৬,১৮৪ টা। বৰ্তমান অসমত কেৱল তিনি লাখ ব্যক্তি বিভিন্ন কাৰখানাত নিয়োজিত থকাৰ বিপৰীতে তালিকাৰ প্ৰথম পাঁচখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰত ২১, তামিলনাডুত ২৭, গুজৰাটত ২০, কণাটকত ১১ আৰু পঞ্চম স্থানত থকা উত্তৰ প্ৰদেশত কাৰখানাৰ নিয়োজিত ব্যক্তিৰ সংখ্যা ১২ লাখ।
মন কৰিবলগীয়া যে ভাৰতবৰ্ষৰ খাদ্যশস্য ধান, ঘেঁহু, জোৱাৰ, বজৰা, মাকৈ, মৰুৱা ধান, মিলেট, বাৰ্লি, ৰহৰ দাইল, মাহজাতীয় শস্য, মাটি দাইল, মগু দাইল, বাদাম, সৰিয়হ, বেলিফুল, কুঁহিয়াৰ, কপাহ, মৰাপাট, চাহ, কফী আৰু ধঁপাত উৎপাদনৰ ক্ষেত্ৰত চাহ উৎপাদনত অসমৰ স্থান প্ৰথম, মৰাপাট আৰু ধঁপাত উৎপাদনত তৃতীয় স্থান বাদ দি অসমৰ কৃষিখণ্ডৰ অৱস্থা পঁয়ালগা। ভাৰতৰ খাদ্যশস্যই আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ সময়ত অসমত কৃষিখণ্ডৰ বিকাশত চৰকাৰে এতিয়াও পৰ্যাপ্ত গুৰুত্ব প্ৰদান কৰা নাই। ১৫ানিতো বাদেই খাদ্যশস্য উৎপাদনত অসম এতিয়াও স্বাৱলম্বীয়েই নহয়।
অন্যহাতে এখন ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ভৰ কৰে সেৱাখণ্ডৰ অৱদানৰ ওপৰত। সেৱাখণ্ডৰ ভিতৰত পৰে খুচুৰা বজাৰ, বেংক, হোটেল, গৃহ নিৰ্মাণ, স্বাস্থ্য, শিক্ষা, কম্পিউটাৰ সেৱা, যোগাযোগ, বিদু্যৎ যোগান, ইন্ধন, জলযোগান, সামাজিক সেৱা আদি। সেৱাখণ্ডত অসমৰ স্থান দেশৰ ভিতৰত সপ্তদশ। শতকৰা হাৰ ৪৭.জ্জ্ব শতাংশ। ইয়াৰ বিপৰীতে প্ৰথম স্থানত থকা মহাৰাষ্ট্ৰৰ সেৱাখণ্ডৰ শতকৰা হাৰ ৫৭.ছ শতাংশ।
এইবাৰ আহোঁ ঘৰুৱা উৎপাদন আৰু ঘৰুৱা উৎপাদনৰ জনমূৰি মূল্যলৈ। এই তালিকাত প্ৰথম স্থানত থকা মহাৰাষ্ট্ৰৰ মুঠ ঘৰুৱা উৎপাদন লাখ কোটিৰ হিচাপত ৩৮.৭৯১ বিপৰীতে অসমৰ মাত্ৰ ৫.৬৭। ঘৰুৱা উৎপাদনৰ জনমূৰি মূল্যৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা মহাৰাষ্ট্ৰৰ লাখৰ হিচাপত ২.২৪ টকাৰ বিপৰীতে অসমৰ মাত্ৰ ১.১৮। এই পৰিস্থিতিত বিকশিত অসমৰ শ্ল’গান আওৰোৱা চৰকাৰে সপ্তদশ স্থানৰপৰা পাঁচ শীৰ্ষ ৰাজ্যলৈ নিজকে উন্নীত কৰাটো সম্ভৱনে?
পৰিসংখ্যাই প্ৰমাণ কৰে আচলতে উন্নয়নৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰথম পাঁচখন ৰাজ্যলৈ উন্নীত হোৱাটো ভাতৰ লগত পানী খোৱা বিষয় হৈ থকা নাই। মুখ্যমন্ত্ৰীকে ধৰি প্ৰভাৱশালী মন্ত্ৰীৰ হাজাৰ শ্ল’গানৰ বিপৰীতে ঋণৰ বোজাত ৰাজ্য পযুদস্ত, কৰৰ বোজাত জনসাধাৰণ দিশহাৰা। বিদেশী বিনিয়োগৰ পৰিমাণো অসমত সন্তোষজনক নহয়। ২০১৯ চনৰ পৰা ২০২৩ বষলৈ উত্তৰ প্ৰদেশত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ আমেৰিকান ডলাৰত ১.3 বিলিয়ন, পশ্চিম বংগত ১.৪২ বিলিয়ন, ৰাজস্থানত ২.জ্জ বিলিয়ন, অন্ধ্ৰপ্ৰদেশত ৭৯৬ মিলিয়ন, তেলেংগানাত ৪.৭৪ বিলিয়ন, মধ্যপ্ৰদেশত ৫২৯.৮৯ মিলিয়ন আৰু অসমত ভাৰতীয় মুদ্ৰাৰ হিচাপত মাত্ৰ ১০৫ কোটি। এখন ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নৰ বাবে পুঁজি বিনিয়োগৰ বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ যদিও এইক্ষেত্ৰত অসমৰ অৱস্থান তেনেই পুতৌজনক।
নীতি আয়োগৰ মতে গ্ৰামাঞ্চলত মাহেকত গড় আয়ৰ পৰিমাণ ১০৫৯.৪২ টকাৰ তলত আৰু চহৰাঞ্চলত ১২৮৬ টকাৰ তলত তেনে ব্যক্তিক দৰিদ্ৰ নাগৰিক বুলি গণ্য কৰা হয়। কভিড পৰিস্থিতিৰ বাবে ২০১১ বৰ্ষত লোকপিয়ল হোৱা নাছিল। ২০১১ বৰ্ষত হোৱা লোকপিয়ল অনুসৰি অসমৰ সৰ্বমুঠ জনসংখ্যা আছিল 3,১২, ০৫, ৫১৬ গৰাকী। সেই অনুসৰি বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী তথ্য অনুসৰি অসমৰ সৰ্বমুঠ জনসংখ্যাৰ এক কোটি নাগৰিক বাস কৰে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত।
অসমৰ চল্লিশ লাখ নাগৰিকে বিনামূলীয়া চাউলৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে। এই পৰিস্থিতিত দেশৰ শীৰ্ষ পাঁচখন উন্নত ৰাজ্যৰ তালিকালৈঅসমক উন্নীত কৰাটো সাম্প্ৰতিক সময়ত প্ৰায় অলীক কল্পনা বুলি ক’ব পাৰি। মন কৰিবলগীয়া নিবনুৱা সমস্যা সংস্থাপনৰ ক্ষেত্ৰতো ছবিখন ভয়াৱহ। ৰাজ্যত নামমাত্ৰ সংখ্যক নিবনুৱাক সংস্থাপন দি বাহ বাহ লোৱা ৰাজ্যত বৰ্তমান চৰকাৰী পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা প্ৰায় সোতৰ লাখ। এনে পৰিস্থিতিত বৰ্তমান অসমৰ অৰ্থনৈতিক উন্নয়ন এক আকাশ কুসুম সপোন হৈ ৰৈছে। পৰ্যটন উদ্যোগৰ অপাৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰতো অসম পিছপৰি ৰোৱাতো অসমৰ বাবে দুৰ্ভাগ্যজনক বিষয় হিচাবে প্ৰতীয়মান হৈছে।
কেৱল শ্ল’গান আৰু ভাষণৰ ফুলজাৰিৰে অসমৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয়। ৰাজনৈতিক কাৰচাজিযুক্ত পৰিকল্পনা, সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰেও অসমৰ উন্নয়ন সম্ভৱ নহয়। সেয়েহে লক্ষ্য বহুদূৰ। ৰাজনৈতিক লাভালাভৰ অংকৰে ৰাইজক আভুঁৱা ভাৰি অসমক দেশৰ শীৰ্ষ পাঁচখন বিকশিত ৰাজ্যলৈ পৰিণত কৰাটো সেয়ে এই সময়ত কেৱল অলীক কল্পনা ।