নিউজ ডেস্ক, ১০ জুন: জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ ন্যায়িক তদন্ত বিচাৰিছে অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহে ৷ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ জৰিয়তে ঘটনাৰ তদন্ত কৰাৰ দাবী বিৰোধীৰ ৷ এই উদ্দেশ্যেৰে শনিবাৰে ৰাজ্যৰ ১২ টা বিৰোধী ৰাজনৈতিক দলে ৰাজ্যপালক সাক্ষাৎ কৰি প্ৰদান কৰে স্মাৰক পত্ৰ ৷
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অধীনত তদন্ত কমিটী গঠন কৰাৰ দাবী দলকেইটাৰ ৷ জোনণিক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ বিৰোধীৰ ৷ ৰাজ্যত চলি থকা কয়লাৰ চিণ্ডিকেট বন্ধ কৰা, চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা সমস্যা শীঘ্ৰেই সমাধান কৰা আদি কেইবাটাও বিষয় সন্দৰ্ভতো ১২ টা ৰাজনৈতিক দলে প্ৰদান কৰে স্মাৰক পত্ৰ ৷ সীমা সমস্যা সমাধান কৰাত চৰকাৰ ব্যৰ্থ হৈছে বুলি অভিযোগ ৰিপুন বৰা আৰু অজিত কুমাৰ ভূঞাৰ ৷