চুমিৰ জন্মদিনত ২ লাখ টকাৰ টেডিবিয়েৰ দিছিল বিশালে, ডুবাইৰ শ্বপিং মলত খৰচ কৰিছিল ডেৰ কোটি টকা

আপডেট নাউ, ৫ ছেপ্টেম্বৰঃ অনলাইল ট্ৰেডিঙৰ নামত কোটি কোটি টকা লুণ্ঠন চলোৱা ডিব্ৰুগড়ৰ ২২ বছৰীয়া মহাপ্ৰৱঞ্চক বিশাল ফুকনে ইতিমধ্যেই আৰক্ষীৰ জেলাত স্বীকাৰ কৰিছে বহু তথ্য । বিশালৰ সম্পত্তিৰ তালিকা দেখি হতবাক হৈছে আৰক্ষীয়ে ।
প্ৰাপ্ত তথ্য অনুসৰি, ডিব্ৰুগড়ৰ বৈৰাগীমঠত ২ হাজাৰ বৰ্গফুটৰ কাৰ্যালয় আছে বিশালৰ। ৮৫ লাখ টকাৰে ইন্টেৰিঅ’ৰ ডিজাইন কৰা হৈছিল কাৰ্যালয়টোৰ । ৮৫ লাখ টকাৰ ৫০% ধন দিছিল নগদ । ইন্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতিয়ে কৰিছিল ডিজাইনিঙৰ কাম । ডিব্ৰুগড়ৰ পূৰ্বাঞ্জলী এপার্টমেন্টৰ ফ্লেটটো কিনিছিল ৬৩.২৫ লাখ টকাত । তাৰ ভিতৰত ৪৪ লাখ টকা নগদ হিচাপে দিছিল বিল্ডাৰক ।
গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপার্টমেন্টত আছে ১.৫ কোটিটকীয়া ফ্লেট গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপার্টমেন্টত আছে ৭ কোটিটকীয়া ডুপ্লেক্স ফ্লেট ডিব্ৰুগড়ত চুমি বৰাৰ বাবে খুলি দিছিল ডান্স একাডেমী। ডান্স একাডেমীৰ ডিজাইনিঙত খৰছ কৰিছিল ৩৩ লাখ টকা। লাখ টকা দিছিল ডান্স একাডেমীৰ মাটিৰ মালিকক। ছিগমা টাইলছক দিছিল ১০ লাখ টকা ।
ডান্স একাডেমীৰ চাউণ্ড প্রুফৰ নামত খৰছ কৰিছিল ১৫ লাখ টকা । চুমি বৰাক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি উপহাৰ দিছিল বিশাল ফুকনে । ৮ আগষ্টত চুমিৰ জন্মদিনত বিশালে দিছিল ২ লাখটকীয়া টেডী বিয়েৰ ।
চুমি বৰাৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০ হাজাৰ টকা দিছিল বিশালে চুমিৰ বিয়াৰ পিছতে বিশালে উপহাৰ দিছিল ডুবাই ট্রিপ। ট্রিপটোত গৈছিল বিশাল, চুমি আৰু ছবি নির্মাতা আদিত্যম শইকীয়া।
ছেভেন ষ্টাৰ হোটেল বুর্জ আৰৱত ৩ দিন কটাইছিল তেওঁলোকে। বুর্জ আৰৱত প্রতি নিশাৰ খৰছ আছিল ১৯ লাখ টকা, মুঠ ৫৭ লাখ টকা হোটেল আটলান্টিকত। প্রতি নিশা ১ লাখকৈ টকাৰে কটাইছিল। ৫ দিন ডুবাইৰ মলত ডেৰ কোটি টকাৰ বজাৰ কৰিছিল তেওঁলোকে।
বিশাল ফুকনে মাতৃক উপহাৰ দিছিল ৩৩ লাখটকীয়া MG HECTOR বাহন । চুমিৰ স্বামী তার্কিক বৰাক দিছিল ৪৫ লাখটকীয়া বিলাসী ফৰ্চনাৰ । উদয়পুৰত হোৱা চুমি-তার্কিকৰ বিয়াত ৩ কোটি টকা খৰছ কৰিছিল বিশালে । বিয়াৰ অভ্যাগতৰ বাবে বিমান ভাড়াৰ নামত বিশালে খৰছ কৰিছিল ৩৩ লাখ টকা ।