গুৱাহাটী ডাবল মাৰ্ডাৰৰ মাষ্টাৰমাইণ্ড বন্দনা কলিতাক আকৌ আদালতত হাজিৰ

বন্দনা কলিতাই দুই সহযোগী অৰূপ আৰু ধনটিৰ সৈতে লাগি হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক ৷ বৃহস্পতিবাৰে বিশেষ আদালতত হাজিৰ তৰোৱাৰ সময়ত হত্যাকাণ্ড সংঘটিত কৰা নাই মন্তব্য কৰে বন্দনা কলিতাই ৷

Share to your Social Account

গুৱাহাটী, ৮ জুন: গুৱাহাটীৰ ডাবল মাৰ্ডাৰ গোচৰৰ মূল অভিযুক্ত বন্দনা কলিতাসহ তেওঁৰ দুই সহযোগীক বৃহস্পতিবাৰে হাজিৰ কৰোৱা হয় আদালতত ৷

উল্লেখ্য যে বন্দনা কলিতাই দুই সহযোগী অৰূপ আৰু ধনটিৰ সৈতে লাগি হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক ৷ বৃহস্পতিবাৰে বিশেষ আদালতত হাজিৰ তৰোৱাৰ সময়ত হত্যাকাণ্ড সংঘটিত কৰা নাই মন্তব্য কৰে বন্দনা কলিতাই ৷

উল্লেখ্য যে বন্দনাসহ অৰূপ আৰু ধনটিৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে প্ৰায় 1600 পৃষ্ঠা জোৰা অভিযোগ পত্ৰ দাখিল কৰাৰ পাচতেই প্ৰেৰণ কৰা হৈছিল কাৰাগাৰলৈ ৷ সম্পত্তি আৰু পৰকীয়া প্ৰেমৰ বাবে বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক হত্যা কৰি মৃতদেহ কাটি টুকুৰা টুকুৰ কৰি পেলাই দিছিল মেঘালয়ৰ ডাউকীৰ পাহাৰৰ লগতে ৷

আজিৰ পৰা 8 মাহ পূৰ্বে সংঘটিত হৈছিল ৰাজ্য কঁপোৱা এই নৃশংস হত্যাকাণ্ডৰ ৷ কিন্তু বহু পলমকৈহে পোহৰলৈ আহিছিল এই হত্যাকাণ্ডৰ কথা ৷ আৰক্ষীৰ অভিযোগনামাত পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ বাবেই যে বন্দনাই দুই সহযোগীৰ সৈতে এই হত্যাকাণ্ড সংঘটিত কৰিছিল সেই কথা উল্লেখ কৰা হৈছিল ৷

Share to your Social Account