পৃথক বৰাকৰ দাবীত ব্যাপক প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ বৰাকৰ কেইবাটাও সংগঠনৰ

নিউজ ডেস্ক, ১৮ ডিচেম্বৰঃ পৃথক বৰাকৰ দাবীত পুনৰ ব্যাপত প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে শ্যামাপ্রসাদ মুখার্জী মেম’ৰিয়েল ট্রাষ্ট, মাতৃভাষা সুৰক্ষা সমিতি, বৰাক ডেমক্রেটিক ফ্রন্ট, ইউনিয়ন টেৰিটৰি ডিমাণ্ড কমিটী আদিৰ নেতৃবৰ্গই।

এক সংবাদমেলত সংগঠনকেইটাৰ নেতৃবৃন্দই অসম চুক্তিৰ ছয় নং দফাৰ অধীনত চৰকাৰী চাকৰিৰ এশ শতাংশ পদতেই অসমীয়াক নিযুক্তি দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে দাঙি ধৰা বক্তব্যৰ প্ৰতিবাদ জনাই কয় যে প্রকৃত অসমীয়া কোন তাৰ সংজ্ঞাই এতিয়ালৈ নিৰ্ধাৰিত হোৱা নাই। তেনেস্থলত মুখ্যমন্ত্ৰীৰ এনেধৰণৰ বক্তব্য অসাংবিধানিক।

শ্যামাপ্রসাদ মুখার্জী ট্ৰাষ্টৰ সভাপতি হাৰান দেই কয় যে চৰকাৰী চাকৰি-বাকৰিৰ ক্ষেত্ৰত বৰাকৰ প্ৰাৰ্থীসকলক চূড়ান্ত বঞ্চনা কৰা হৈছে। শিলচৰ মেডিকেল কলেজত ৪০ খন স্নাতকোত্তৰ আসনৰ ক্ষেত্ৰত কেন্দ্ৰই অনুমোদন দিয়াৰ পিচতো ৰাজ্য চৰকাৰে বিষয়টো গাপ দি ৰাখিছে।

শিলচৰত এখন সৈনিক বিদ্যালয় স্থাপনৰ প্ৰস্তাৱো কাৰ্যকৰী নকৰাকৈ পেলাই ৰখা হৈছে। ইউনিয়ন টেৰিটৰি ডিমাণ্ড কমিটীৰ সাধাৰণ সম্পাদক প্ৰয়াত পৰিতোষ পাল চৌধুৰীৰ পুত্ৰ বিপ্লৱ পাল চৌধুৰীয়ে কয় যে পৃথক বৰাকৰ বিকল্প নাই। বর্তমান চৰকাৰৰ কাৰ্যকালত বৰাকৰ অৱস্থান তুলনামূলকভাৱে অৱনতি ঘটিছে।

বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্টৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰায়ৰ মতে, চৰকাৰী চাকৰিত সকলোৰে সমঅধিকাৰ সংবিধানপ্রদত্ত। তেনেস্থলত মুখ্যমন্ত্ৰীয়ে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত দিয়া বক্তব্য প্রত্যাহাৰ নকৰিলে আগত সময়ত সমগ্ৰ বৰাক সামৰি আন্দোলন গঢ়ি তোলা হ’ব।

বৰাক ডেমক্রেটিক য়ুথ ফ্ৰণ্টৰ মুখ্য আহ্বায়ক কল্পাৰ্ণৱ গুপ্তই কয় যে মুখ্যমন্ত্ৰীৰ তেনে ভাষ্যৰ প্ৰতিবাদত কাইলৈ বৰাকৰ চাকৰি প্ৰাৰ্থীসকলক লৈ বদৰপুৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। মাতৃভাষা সুৰক্ষা সমিতিৰ সভাপতি সুনীল ৰায়ে কয় যে অসম নিয়োগ বিধি, ১৯৭৫ৰ অধীনত তৃতীয়-চতুৰ্থ শ্ৰেণীৰ পদত স্থানীয় প্রার্থীক নিযুক্তি দিয়াটো বাধ্যতামূলক।

মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই পূর্বে নির্বাচনী ভাষণত বৰাক উপত্যকাৰ স্থানীয় প্ৰাৰ্থীসকলৰ বাবে চাকৰি সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া তেওঁ লুটিবাগৰ মাৰি চৰকাৰী চাকৰিৰ এশ শতাংশ পদতে অসমীয়াৰ নিযুক্তিৰ কথা ঘোষণা কৰিছে। সংবাদমেলত বক্তাসকলে কয় যে সকলো ক্ষেত্ৰতে বৰাক উপত্যকাবাসীক দমন কৰি ৰখাৰ নীতি লৈছে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে। গতিকে ইয়াৰ বিৰুদ্ধে বৰাক পৃথকীকৰণৰ দাবী যুক্তিসংগত তথা বিকল্প নাই।

Share to your Social Account