কয়লা সৰবৰাহ কৰি এবছৰত ২০০ কোটি লুণ্ঠন মাফিয়া ভাস্কৰ শৰ্মাৰ !

নিউজ ডেস্ক, ৯ নৱেম্বৰ: কয়লা চোৰৰ চৰ্দাৰৰ ৰূপত অৱতীৰ্ণ হোৱা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ন ন তথ্য উন্মোচিত হৈছে । চলিত বৰ্ষটোত ৩০ হাজাৰতকৈ অধিক কয়লা ভৰ্তি ট্ৰাক সৰবৰাহ কৰি ভাস্কৰ শৰ্মাই লুষ্ঠন চলালে প্ৰায় দুশ কোটি টকা ।

জানিব পৰা মতে, এখন কয়লাভৰ্তি ট্ৰাকৰ এন্ট্ৰিফ্ৰীজৰ বাবদ ভাস্কৰ শৰ্মাৰ সোঁহাত স্বৰূপ কয়লা মাফিয়া গোবিন ছেত্ৰী বাহিনীয়ে সংগ্ৰহ কৰে ৭০ হাজাৰকৈ টকা । প্ৰতিখন ট্ৰাকৰ এন্ট্ৰিফিজৰ বাবদ লাভ কৰা এই কমিছনৰ ৪০ হাজাৰ টকা সংগ্ৰহ কৰে ভাস্কৰ শৰ্মাই ।

নিজৰ লগত ৪০ হাজাৰ টকা ৰাখি বাকি থকা ৩০ হাজাৰ টকা পঠিয়াই দিছপুৰলৈ ।
ৰাজহুৱা হোৱা তথ্য অনুসৰি দৈনিক তিনিশখন কয়লাভৰ্তি ট্ৰাকৰ পৰা ভাস্কৰ শৰ্মাই সংগ্ৰহ কৰে দুই কোটিকৈ টকা । অৰ্থাত চলিত বৰ্ষটোত ৩০ হাজাৰতকৈ অধিক কয়লা ভৰ্তি ট্ৰাক সৰবৰাহ কৰি ভাস্কৰ শৰ্মাই লুণ্ঠন কৰিলে ২০০ কোটিৰো অধিক টকা ।

ইফালে, ছিণ্ডিকেটৰ এই ধন প্ৰত্যেক ট্ৰাকৰ পৰা 5000-5000কৈ টকা ডিগবৈৰ বিধায়ক সুৰেণ ফুকন আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়াক দিয়াৰ চুক্তি আছিল যদিও আজিলৈকে দুয়োগৰাকী বিধায়কক একটকাও ধন আদায় নিদিলে ভাস্কৰ শৰ্মাৰ ছিণ্ডিকেট চক্ৰই ।

যাক লৈ এতিয়া বিধায়ক ভাস্কৰ শৰ্মা আৰু সুৰেণ ফুকনৰ মাজত আৰম্ভ হৈছে মুকলি সংঘাত । যাৰ বাবে গুণ্ডাবাহিনী লৈ ৰাজপথত নামি নিজেই কয়লা ভৰ্তি ট্ৰাক সৰবৰাহত নামি পৰিছে কয়লা চোৰৰ চৰ্চাৰ ভাস্কৰ শৰ্মাই ।
ইফালে, এই ক্ষেত্ৰত আচৰিত ধৰণৰ নীৰৱতা অৱলম্বন কৰিছে বিৰোধীয়ে ।

ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ সৰৱ হোৱাৰ বিপৰীতে অন্যান্য বিৰোধীয়ে ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে । প্ৰকৃতি ধ্বংস কৰি তিনিচুকীয়া জিলাত চলি থকা সৰ্ববৃহৎ কয়লা ছিণ্ডিকেট বন্ধ কৰাৰ ক্ষেত্ৰত বিৰোধীৰ এই মৌনতাই ৰাইজৰ মনতো সন্দেহ বৃদ্ধি কৰিছে ।

Share to your Social Account