ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দাখিল বিজেপিৰ

0

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰঃ ভোটগ্ৰহণৰ দিনাই নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগত নিৰ্বাচন আয়োগৰ ওচৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে বিজেপিয়ে। জনপ্ৰতিনিধিত্ব আইন ১৯৫১ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত কিছু সময় পূৰ্বে এক আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে।  

অভিযোগ অনুসৰি “এক্স” (পূৰ্বতে টুইটাৰ)ৰ এটা সামাজিক মাধ্যমৰ পোষ্টক কেন্দ্ৰ কৰি এই অভিযোগ দাখিল কৰিছে।  আজি সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে স্বাস্থ্যসেৱা, গেছ ৰাজসাহায্য, কৃষি ঋণ ৰক্ষা, ইংৰাজী শিক্ষা, আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) সংৰক্ষণ সম্পৰ্কীয় প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজিৰ দিনটোত ৰাজস্থানত ভোটদান প্ৰক্ৰিয়া চলি আছে।

বিজেপিৰ মতে, ৰাজস্থানত ভোটগ্ৰহণৰ দিনা এনে বাৰ্তা পোষ্ট কৰাটো আইনখনৰ ধাৰা ১২৬ ৰ অধীনত এক অপৰাধ, যিয়ে এটা সমষ্টিত নিৰ্বাচন সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত যিকোনো নিৰ্বাচন সম্পৰ্কীয় প্ৰতিশ্ৰুতি প্ৰদান কৰাত বাধা আছে।  লগতে দলটোৱে দাবী কৰিছে যে ৰাহুল গান্ধীৰ পোষ্টটো ২৫ নৱেম্বৰৰ পুৱা ১০:৩৫ বজাত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পষ্ট কৰিছে।

নিৰ্বাচন আয়োগলৈ লিখা পত্ৰখনত বিজেপিয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই কয়, “কংগ্ৰেছ দলৰ তাৰকা প্ৰচাৰকৰ দ্বাৰা এইটো আইনৰ এক বৃহৎ উলংঘন। ভোটদানৰ তাৰিখত এনে ধৰণৰ কাৰ্য্য আয়োগে চম্ভালিব লাগে, আৰু অপৰাধীসকলৰ বিৰুদ্ধে  কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা উচিত।”

বিজেপিয়ে নিৰ্বাচন আয়োগক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম “এক্স”ক ৰাহুল গান্ধীৰ একাউণ্ট তৎক্ষণাৎ স্থগিত কৰিবলৈ আৰু “আপত্তিজনক সমল” আঁতৰাবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনাইছে। তদুপৰি, দলটোৱে ৰাজস্থানৰ মুখ্য নিৰ্বাচনী বিষয়াক অপৰাধমূলক অভিযোগ দাখিল কৰিবলৈ আৰু কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্বাচনী সংস্থাটোক আহ্বান জনায়।

উল্লেখ্য যে আজি চলি থকা ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ২০০ টা বিধানসভা সমষ্টিৰ ভিতৰত ১৯৯ টা সমষ্টিত ভোটগ্ৰহণ চলি আছে আৰু  ৫.২৫ কোটিতকৈও অধিক ভোটাৰে এই ১৯৯ খন আসনত ১৮৬২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিছে।

ভোটগ্ৰহণৰ দিনাই নিৰ্বাচনী বিধি উলংঘনৰ অভিযোগত নিৰ্বাচন আয়োগৰ ওচৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে বিজেপিয়ে। জনপ্ৰতিনিধিত্ব আইন ১৯৫১ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত কিছু সময় পূৰ্বে এক আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে।  

অভিযোগ অনুসৰি “এক্স” (পূৰ্বতে টুইটাৰ)ৰ এটা সামাজিক মাধ্যমৰ পোষ্টক কেন্দ্ৰ কৰি এই অভিযোগ দাখিল কৰিছে।  আজি সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে স্বাস্থ্যসেৱা, গেছ ৰাজসাহায্য, কৃষি ঋণ ৰক্ষা, ইংৰাজী শিক্ষা, আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) সংৰক্ষণ সম্পৰ্কীয় প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজিৰ দিনটোত ৰাজস্থানত ভোটদান প্ৰক্ৰিয়া চলি আছে।

বিজেপিৰ মতে, ৰাজস্থানত ভোটগ্ৰহণৰ দিনা এনে বাৰ্তা পোষ্ট কৰাটো আইনখনৰ ধাৰা ১২৬ ৰ অধীনত এক অপৰাধ, যিয়ে এটা সমষ্টিত নিৰ্বাচন সমাপ্ত হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত যিকোনো নিৰ্বাচন সম্পৰ্কীয় প্ৰতিশ্ৰুতি প্ৰদান কৰাত বাধা আছে।  লগতে দলটোৱে দাবী কৰিছে যে ৰাহুল গান্ধীৰ পোষ্টটো ২৫ নৱেম্বৰৰ পুৱা ১০:৩৫ বজাত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পষ্ট কৰিছে।

নিৰ্বাচন আয়োগলৈ লিখা পত্ৰখনত বিজেপিয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই কয়, “কংগ্ৰেছ দলৰ তাৰকা প্ৰচাৰকৰ দ্বাৰা এইটো আইনৰ এক বৃহৎ উলংঘন। ভোটদানৰ তাৰিখত এনে ধৰণৰ কাৰ্য্য আয়োগে চম্ভালিব লাগে, আৰু অপৰাধীসকলৰ বিৰুদ্ধে  কঠোৰ শাস্তিমূলক ব্যৱস্থা লোৱা উচিত।”

বিজেপিয়ে নিৰ্বাচন আয়োগক ছ’চিয়েল মিডিয়া প্লেটফৰ্ম “এক্স”ক ৰাহুল গান্ধীৰ একাউণ্ট তৎক্ষণাৎ স্থগিত কৰিবলৈ আৰু “আপত্তিজনক সমল” আঁতৰাবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনাইছে। তদুপৰি, দলটোৱে ৰাজস্থানৰ মুখ্য নিৰ্বাচনী বিষয়াক অপৰাধমূলক অভিযোগ দাখিল কৰিবলৈ আৰু কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আৰম্ভ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্বাচনী সংস্থাটোক আহ্বান জনায়।

উল্লেখ্য যে আজি চলি থকা ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ২০০ টা বিধানসভা সমষ্টিৰ ভিতৰত ১৯৯ টা সমষ্টিত ভোটগ্ৰহণ চলি আছে আৰু  ৫.২৫ কোটিতকৈও অধিক ভোটাৰে এই ১৯৯ খন আসনত ১৮৬২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিছে।

Share to your Social Account

Leave a Reply

Your email address will not be published. Required fields are marked *