ডুমডুমাত গৰু ভৰ্তি ট্ৰাক জব্দ

তিনিচুকীয়া, ৬ ডিচেম্বৰ: ডুমডুমাত গৰু ভৰ্তি ট্ৰাক জব্দ স্থানীয় দল সংগঠনৰ । শদিয়াৰ পৰা নগাঁৱলৈ সৰবৰাহ কৰাৰ সময়তে ডুমডুমাৰ বিচাকপি চাহ বাগিচাৰ সমিপত জব্দ কৰা হয় ট্ৰাকখন । জব্দকৃত ট্ৰাকখনৰ NL 01 AC 2301 । ট্ৰাকখনত আছে ২০ৰ পৰা ২৫টাকৈ পশুধন । জনৈক গগৈ নামৰ এগৰাকী ব্যক্তিয়ে গৰুভৰ্তি বাহখন সৰবৰাহ কৰা বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পাছতে ডুমডুমাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । ট্ৰাকসহ চালক, গৰু সৰবৰাহ ব্যক্তিক আটক কৰি ডুমডুমা আৰক্ষীয়ে সোধ-পোছ অব্যাহত ৰাখিছে । ৰাজ্যত গৰু সৰবৰাহ বন্ধ হৈ থকাৰ সময়ত এনেদৰে ট্ৰাকে ট্ৰাকে গৰু সৰবৰাহক লৈ প্ৰতিক্ৰিয়া ।

Share to your Social Account