CBIয়ে‌ ল’লে জোনমণিৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ গোচৰ

SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ তদন্তৰ দায়িত্ব ল’লে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ CBI য়ে‌ । এতিয়াৰে পৰা CBIয়ে কৰিব সমগ্ৰ ঘটনাৰ তদন্ত।

Share to your Social Account

নিউজ ডেস্ক, ১৪ জুনঃ SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ তদন্তৰ দায়িত্ব ল’লে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ CBI য়ে‌ । এতিয়াৰে পৰা CBIয়ে কৰিব সমগ্ৰ ঘটনাৰ তদন্ত। উল্লেখ্য যে মাত্ৰ কেইটামান দি পূৰ্বে ডিজিপি জি সিং এই সংক্ৰান্তত উপস্থিত হৈছিল গৈ দিল্লীৰ CBI ৰ মুখ্য কাৰ্যালয়ত।‌ ঘটনাৰ তদন্তৰ দায়িত্ব ল’বলৈ আহ্বান জনাইছিল CBIক । ইয়াৰ পাছতেই এতিয়া ঘটনাৰ তদন্ত CBIয়ে কৰিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বিগত মাহৰ ১৫ তাৰিখে মাজনিশা এখন ট্ৰাকে জোনমণিৰ বাহনত খুন্দা‌মৰাৰ ফলত গাড়ীৰ ভিতৰত মৃত্যু হৈছিল জোনমণিৰ । কিন্তু ৰাজ্যৰ সকলো স্তৰৰ লোকে দাবী কৰিছিল যে জোনমণিৰ মৃত্যু স্বাভাৱিক নাছিল । জোনমণিক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। এতিয়া CBIৰ নিৰপেক্ষ তদন্তৰ পাছত পোহৰলৈ অহাৰ সম্ভাৱনা আছে বহু কথা ।

Share to your Social Account