ভাৰতৰ অন্তিমজন সাংবাদিকক দেশ এৰাৰ নিৰ্দেশ চীনৰ

চীনত থকা অন্তিমগৰাকী ভাৰতীয়া সাংবাদিকক দেশ এৰাৰ নিৰ্দেশ চীনৰ ৷ চলিত মাহৰ ভিতৰতে সাংবাদিকগৰাকীক দেশ এৰাৰ বাবে নিৰ্দেশ দিছে চীন চৰকাৰৰ ৷

Share to your Social Account

নেশ্যনেল ডেস্ক, 13 জুনঃ চীনত থকা অন্তিমগৰাকী ভাৰতীয়া সাংবাদিকক দেশ এৰাৰ নিৰ্দেশ চীনৰ ৷ চলিত মাহৰ ভিতৰতে সাংবাদিকগৰাকীক দেশ এৰাৰ বাবে নিৰ্দেশ দিছে চীন চৰকাৰৰ ৷

শেহতীয়াকৈ চীন আৰু নতুন দিল্লীৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিটত চীনে ইজনৰ পাছত আনজন ভাৰতীয়া সাংবাদিকক নিজ দেশৰ পৰা বিতাৰণ কৰিছে ৷ এইবাৰ চীনে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ এজন সাংবাদিকক দেশ ত্যাগ কৰিবলৈ জাননী জাৰি কৰিছে ৷ এইগৰাকী আছিল চীনত থকা অন্তিমগৰাকী ভাৰতীয় সাংবাদিক ৷

এই বছৰৰ আৰম্ভণিতে, ভাৰতীয় সংবাদ মাধ্যমসমূহৰ চাৰিগৰাকী সাংবাদিক চীনত নিয়োজিত আছিল ৷ হিন্দুস্তান টাইমছৰ সাংবাদিকজনে যোৱা সপ্তাহত চীনৰ পৰা বিদায় লয় ৷

লগতে প্ৰসাৰ ভাৰতী আৰু দ্য হিন্দু বাতৰি কাকতৰ দুজন ভাৰতীয় সাংবাদিকক এপ্ৰিলত ভিছা নৱীকৰণৰ পৰা বঞ্চিত কৰা হয় ৷যোৱা মাহত, চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিংয়ে প্ৰকাশ কৰিছিল যে ভাৰতত এতিয়া মাত্ৰ এগৰাকী চীনা সাংবাদিক আছে ৷ তেওঁৰ ভিছা নৱীকৰণৰ পাচতেই তেওঁ চীনলৈ উভতি আহিব ৷

পূৰ্বে নতুন দিল্লীয়ে ছিনহুয়া নিউজ এজেন্সি আৰু চাইনা চেণ্ট্ৰেল টেলিভিছনৰ দুজন সাংবাদিকৰ ভিছা নৱীকৰণৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছিল ৷

দুয়োখন দেশৰ মাজত সংবাদ মাধ্যমৰ বিভেদ আৰম্ভ হোৱাৰ মূলতে চীনত থকা ভাৰতীয় সাংবাদিকে প্ৰতিবেদন দিবৰ বাবে কিছু স্থানীয় লোকৰ সহায় লৈছিল ৷ কিন্তু চীনে নিৰ্দেশনা দি থৈছিল যে চীন চৰকাৰৰ অনুমতি অবিহনে কোনো ভাৰতীয় সাংবাদিকে প্ৰতিবেদক নিয়োজিত কৰিব নোৱাৰিব ৷

Share to your Social Account