দুঃখবৰ; CIDৰ জনপ্ৰিয় চৰিত্ৰ ফ্ৰেডৰিকছৰ দেহাৱসান
![](https://images.news18.com/ibnlive/uploads/2023/12/dinesh-phadnis-2023-12-d884c73da26854a27bdc985a37b33434.jpg)
নেশ্যনেল ডেস্ক, ৫ ডিচেম্বৰ: দূৰদৰ্শনৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক CIDত ফ্ৰেডৰিকছৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা দীনেশ ফেডনিছৰ মঙলবাৰে ৫৭ বছৰ বয়সত মৃত্যু হয়। CIDত দয়াৰ চৰিত্ৰত অভিনয় কৰা তেওঁৰ চিআইডিৰ সহ-অভিনেতা দয়ানন্দ চেট্টীয়ে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। তেওঁ কয়, “দীনেশে পুৱা ১২.০৮ বজাত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ মুম্বাইৰ তুঙ্গা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ।
দয়ানন্দ চেট্টীয়ে কয় যে দীনেশৰ একাধিক অংগ বিকল হোৱাৰ ফলত মৃত্যু হয়। তেওঁ কয়, “যথেষ্ট জটিলতা আছিল আৰু যোৱা নিশা তেওঁক ভেণ্টিলেটৰৰ পৰা উলিয়াই অনা হৈছিল।” অভিনেতাজনৰ অন্ত্যেষ্টিক্ৰিয়া পুৱা ১০.৩০ বজাত মুম্বাইত সম্পন্ন হ’ব। পূৰ্বে ফ্ৰেডৰিকছে হৃদৰোগত আক্ৰান্ত হৈছিল, আৰু ইয়াৰ পাছতে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।