উৎকোচ লৈ পুনৰ জালত পৰিল খকুৱা আৰক্ষী
নিউজ ডেস্ক, ১০ জানুৱাৰী: উৎকোচ লৈ পুনৰ জালত পৰিল খকুৱা আৰক্ষী । মঙবাৰে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে আৰক্ষী উপ-পৰিদৰ্শন চিণ্টু দাস ।
চিৰাঙৰ কাজলগাঁৱৰ ধালিগাওঁ টাউন আউটপ’ষ্টৰ উপ-পৰিদৰ্শক (ইউবি) আছিল চিন্টু দাস ।
উল্লেখ্য যে এখন জব্দকৃত বাহন মুকলাই দিয়াৰ নামত ১০হাজাৰ টকাৰ উৎকোচ লৈছিল খাকী পোছাকধাৰী চিণ্টু দাসে ।
দুৰ্নীতি নিবাৰক শাখাই ‘x’ যোগে কয়-আজি @DIR_VAC_ASSAM চিৰাঙৰ ধালিগাওঁ টাউন আউটপ’ষ্টৰ চাব ইন্সপেক্টৰ (ইউবি) চিন্টু দাসক বাহন মুকলি কৰাৰ বাবে অভিযোগকাৰীৰ পৰা উৎকোচ দাবী কৰাৰ বাবে (10000/- টকা গ্ৰহণ কৰাৰ পিছত) আটক কৰা হয়।