কেনেদৰে যাব আজি আপোনাৰ দিনটো-জানক দিনটোৰ ৰাশিফল
মেষ ৰাশি
বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকী কৰাই দিব ,যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন ,কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। আপোনাৰ জীৱন সংগী ৰ বোজা দূৰ কৰিবলৈ আপুনি ঘৰুৱা কাম-কাজত তেখেতক সহায় কৰিব ,ইয়াৰ ফলত আপোনাৰ লগত কাম কৰাৰ আনন্দ অনুভৱ কৰিব আৰু এক অজান সম্পৰ্ক অনুভৱ কৰিব। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। আপোনাৰ মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱ সমালোচনাৰ কাৰণ হব পাৰে। আজি বন্ধুগণৰ লগত দেখা হব পাৰে কিন্তু সেইখিনি সময়ত আপুনি মাদ্যদ্ৰব্য সেৱনৰ পৰা দুৰত থকাটোয়ে ভাল নহলৰ সময়ৰ অপচয় হব পাৰে। আপুনি এই কথা জানে নে আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে এক দেৱ দূতৰ দৰে ,তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এই কথাটো আপুনি নিজে নিজে গম পাই যাব।
মিথুন ৰাশি
আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ন কৰিব পাৰিব। আৰ্থিক দৃষ্টিৰ পিনেদি চাব গলে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব । আজি আপোনাৰ ধন লাভ হব কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। দিনটোক অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওতে তেখেতক ভাল ব্যৱহাৰ কৰক। নতুন কামক সম্পূৰ্ণ কৰাৰ সময়ত মহিলা সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহযোগ লাভ কৰিব। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। বিয়া অকল এটা ঘৰত একেলগে থকাৰ নাম নহয়, পৰস্পৰে পৰস্পৰৰ লগত সময় অতিবাহিত কৰাও সিমানেই দৰকাৰী।
সিংহ ৰাশি
আপুনি নিজৰ ভাগৰতা দুৰ কৰিবৰ বাবে সম্পূৰ্ণ দিন বিশ্ৰাম লোৱা উচিত নহ’লে ভাগৰ আৰু দুৰ্বলতাই আপোনাক বিচলিত কৰি তুলিব পাৰে। আজিৰ দিনটোত আপুনি মাদ্যদ্ৰব্যৰ পৰা আতঁৰি থকাটো ভাল নহলে নিচা ৰ ৰাগিত আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু বহুত প্ৰদান কৰিব।। আজিি আপুনি কৰোবাত ফুৰিব যাব পাৰে ,ফুৰি আহিলে আপুনি সতেজতা অনুভৱ কৰিব। আপোনাৰ লক্ষ্যৰ পিছত দৌৰিবৰ বাবে এয়া বহুত ভাল দিন ,আপোনাৰ শাৰীৰিক উৰ্জাৰ স্তৰ উচ্চ স্থানত অটুট ৰাখক ,যাতে আপুনি অত্যাধিক কষ্ট কৰি তাক প্ৰাপ্ত কৰিব পাৰে, এই বিষয়ত আপুনি নিজৰ বন্ধুৰ সহায় লব পাৰে । ইয়াৰ ফলত আপোনাৰ উৎসাহ বাঢ়িব আৰু উদ্দেশ্য সফল হোৱাত সহায়তা লাভ কৰিব। সময়ৰ লগত চলাটো আপোনাৰ বাবে খুবেই ভাল কিন্তু লগতে এইটো কথাও মনত ৰাখিব যে যেতিয়াই আপুনি অৱসৰ সময় পাব নিজৰ ঘনিষ্ঠজনৰ লগত সেই সময় কটাব। যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘুৰি আহিব ,তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব।
তুলা ৰাশি
আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। আত্মীয় আৰু বন্ধু ৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব পাৰে। আজি হঠাৎ কাৰোবাৰ লগত ৰোমাণ্টিক সাক্ষাৎকাৰ হব পাৰে। সংযম আৰু সাহসৰ হাত ধৰি থাকক ,বিশেষকৈ যেতিয়া আপুনি অন্যৰ বিৰোধ কৰে ,যিটো কাম-কাজৰ সময়ত সম্ভাৱনা আছে। বস্তু আৰু মানুহক সোনকালে চিনিব পৰা আপোনাৰ এই দক্ষতা আপোনাক সদায়ে অন্যতকৈ আগ বঢ়াই ৰাখিব। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল খোৱা আৰু ভাল টোপনি পাব আশা আছে।
ধনু ৰাশি
আজি খেল ধূলা ত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। আপোনাৰ কমিশ্বন , লাভাংশ আৰু ৰোয়েল্টী ৰ পৰা আৰ্থিক লাভ হব পাৰে। মা-দেউতাৰ স্বাস্থ্যৰ উন্নতি হব আৰু তেখেত নিজৰ গোটেই মৰম আপোনাৰ ওপৰত বিলাই দিব। ৰোমাণ্টিক সাক্ষাৎকাৰ আপোনাক অধিক সুখ প্ৰদান কৰিব। তেতিিয়ালৈকে আপোনাৰ বৰিষ্ঠ ক সেই ফাইল জমা নিদিব যেতিয়ালৈকে আপুনি নিশ্চিত হৈ নাযায় তাৰ সকলো কাম সমাপ্ত হৈ গৈছে। যিসকল লোক যোৱা কিছুদিনৰ পৰা বহুত ব্যস্ত হৈ আছিল আজি সিহতঁ নিজৰ বাবে অলপ সময় মিলাব পাৰিব। আপোনাৰ জীৱন সংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব ।
কুম্ভ ৰাশি
কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। আজি কৰা আৰ্থিক নিৱেশ সমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আজিৰ দিনটো আনন্দৰে ভৰা হ’ব ,কাৰণ আপোনাৰ জীৱন সংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আজি আপুনি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে আপোনাৰ প্ৰেমাস্পদ দুখ পাব পাৰে। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম -কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব।
বৃষ ৰাশি
আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক।ইয়াৰ ফলত আপোনাৰ দৃষ্টিকোণ ব্যাপক হ’ব আৰু চিন্তা ধাৰাও সলনি কৰিব,ব্যক্তিত্ব বিকাশ আৰু মগজুত বিকশিত হ’ব। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল আজি সেই ঋণ তেখেত সকলে কিবা প্ৰকাৰে হলেও ঘুৰাবলগীয়া হব পাৰে। যেতিয়া আপুনি নিঃসংগতা অনুভৱ কৰিব পৰিয়ালৰ সহায় লওক। ই আপোনাক অৱসাদৰ পৰা বচাব লগতে আপোনাক বেছি গম্ভীৰ নিৰ্ণয় লোৱাত সহায় কৰিব। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। সহকৰ্মীৰ সহযোগ অনুযায়ী আপুনি নিজৰ সমস্যাৰ পৰা অতি সোনকালে ওলাবলৈ সক্ষম হব আৰু আপোনাৰ উন্নতিত এয়া সহায় কাৰী ৰূপে পৰিগণিত হব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কামো কৰাত সফল হব। যদি আপুনি আৰু আপোনাৰ জীৱন সংগী খোৱা-বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে।
কৰ্কট ৰাশি
আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষা সমূহত ভয়ৰ ছায়া পৰিব পাৰে । ইয়াৰ সন্মূখীন হবলৈ হলে আপুনি কাৰোবাৰ উপদেশ লওক। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাতো সক্ষম হব। আপোনাৰ দিনৰ যোজনা আপুনি বহুত সাৱধানে ঠিক কৰাটো উচিত। এনে লোকৰ লগত কথা পাতক ,যি আপোনাৰ প্ৰত্যেক পদতে সহায় কৰিব পাৰে। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হব। দিনত সপোন দেখিলে আপোনাৰ অৱনতি হব পাৰে ,আপুনি নিজৰ কামৰ বাবে বেলেগৰ ওপৰত ভৰষা নকৰিব। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব । আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। জীৱন সংগীৰ কাৰণে আজি আপুনি অনুভৱ কৰিব যে তেখেতৰ বাবে আপুনিয়ে সকলো।
কন্যা ৰাশি
আধ্যাত্মিকতাৰ সহায়তা লোৱাৰ এইটো সঠিক সময় ,কাৰণ মানসিক অশান্তি দূৰ কৰিবৰ বাবে এইটো সকলোতকৈ ভাল বিকল্প হয় ,ধ্যান আৰু যোগ আপোনাৰ মানসিক শক্তি বঢ়োৱাত বহুত বেছি সহায় কৰিব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। দিন শেেষ হোৱাৰ সময়ত কোনোবা পূৰণি মিত্ৰক লগ পাব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। অলপ কথা বাৰ্তা আৰু চতুৰতা আপোনাক লাভান্বিত কৰিব পাৰে। অচিনাকি লোকৰ লগত কথা পতা ভাল কিন্তু তেখেতক ভাল্কৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। জীৱন সংগীৰ লগত বাদ-বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে।
বৃশ্চিক ৰাশি
আজি আপোনাৰ আত্ম-বিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হব। যিবোৰ মানুহ দীৰ্ঘদিনীয়া অৰ্থ সংকটত ভূগি আছিল সিহঁতৰ ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হব। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন লব, অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হব। প্ৰেমৰ পিনে দি চাব গ’লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দ সমূহ উপভোগ কৰিব পাৰে। ঘৰুৱা সহায়কাৰী আৰু সহকৰ্মী ৰ লগত হোৱা সমস্যাক আপুনি নাকচ কৰিব নোৱাৰে। বহু কাম এৰি আজি আপুনি আপোনাৰ ভাল লগা কাম কৰিব পাৰে কিন্তু কাম অধিকতৰ হোৱাৰ বাবে আপোনাৰ এই পৰিকল্পনা সফল নহ’ব। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব ,আপুনি দুয়োজনেই আজি ভাল আৰু সুখী অনুভৱ কৰিব।
মকৰ ৰাশি
বাহিৰত ঘুৰা মেলা তথা বন্ধু বৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। জীৱন আৰু কাম-কাজ বোৰত অন্যৰ বাবে এক আদৰ্শ হিচাপে থিয় দিয়ক। ধুনীয়া মনৰ মানুহ যি আনক প্ৰত্যেক পদত সহায় কৰা মানৱীয় মূল্যৰ নিজক বেলেগৰ সন্মুখত নিজৰ পৰিচয় দিয়ক। ইয়াৰ ফলত আপোনাৰ জীৱনত শান্তিৰ এনেই আগমণ হব। নিজৰ প্ৰিয়জনৰ সৰু-সুৰা ভুল সমূহক এৰাই চলক। আজি আপোনাৰ বঢ়িয়া মেজাজে আপোনাৰ অফিচৰ পৰিৱেশ আনন্দিত কৰি তুলিব। কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচ সোনকালে ছুটী হব পাৰে , ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লোকৰ লগত কৰবাত ফুৰিব যাব। আপুনি অনুভৱ কৰিব যে আপোোনাৰ জীৱন লগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা।
মীন ৰাশি
অধিক আৰু বেছি কেলৰীৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক। বেংকৰ লগত জড়িত লেন দেন সমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। কোনো পূৰণি বন্ধু সন্ধিয়া সময়ত ফোন কৰি নিজৰ স্মৃতি বিজৰিত ঘটনা সমূহ ৰোমন্থন কৰিব। আজিৰ দিনাখন আপুুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভুত অনুভৱ কৰিব। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে ,তেনেলোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব কিন্তু অধিক কাম হোৱা বাবে তেখেতে সময় দিব নোৱাৰিব। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব।