দৈনিক ৰাশিফল; কিদৰে যাব আজি আপোনাৰ দিনটো

মেষ: মেষ ৰাশিৰ আজি দেহ-মনৰ বিশেষ অশুভ কাৰক নহ’ব। প্রেম- প্ৰীতি আৰু সাংসাৰিকত সুখ-শান্তিৰ যোগ। শিক্ষাৰ্থীৰ কিছু উন্নতি কাৰক। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকল লাভৱান হ’ব। ৰাজনীতিক, সমাজকৰ্মী আৰু বুদ্ধিজীৱীৰ বিশেষ ব্যস্ততা বাঢ়িব। ব্যৱসায়, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

বৃষঃ ৰাশিৰ আজি শাৰীৰিক মধ্যমীয়া কাৰক যদিও মানসিক চিন্তা বাঢ়িব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শান্তি কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত দায়িত্ব বাঢ়িব। ক্রীড়া, সাহিত্য, সংস্কৃতিৰে জড়িতসকলৰ উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ দেহৰ পৰিশ্ৰম বৃদ্ধিৰ যোগ। কৰ্মচাৰীৰ অশান্তি আৰু ব্যৱসায়ীৰ লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে মিশ্রিত কাৰক।

মিথুনঃ মিথুন ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্ৰেম- প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত সুখ কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নকেন্দ্রিক চিন্তা বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতি, সংবাদকৰ্মত যুক্তসকলৰ উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কৰ্মব্যস্ততা বৃদ্ধি পাব। ব্যৱসায়, বাণিজ্য আৰু কর্মত শুভ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক হ’ব।

কৰ্কটঃ কৰ্কট ৰাশিৰ আজি শৰীৰৰ সুস্থতা থাকিব। মনৰ অসন্তুষ্টি হ’ব। পাৰিবাৰিক আৰু প্ৰেম-প্ৰীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত উন্নতিৰ যোগ। সাহিত্য, সংস্কৃতি ক্রীড়াৰ স’তে জড়িতসকলৰ সফলতাৰ যোগ। কৰ্মত অশুভ কাৰক। বেহা- বেপাৰত অলপ লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে মিশ্ৰিত কাৰক।

সিংহঃ সিংহ ৰাশিৰ শাৰীৰিক শুভ যদিও চৰ্দি, কাঁহ হ’ব পাৰে। মানসিক শান্তি থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত সুখ-শান্তিৰ যোগ। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা বাঢ়িব। ক্ৰীড়া, সংস্কৃতিৰে যুক্তসকল উৎসাহিত হ’ব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

কন্যাঃ কন্যা ৰাশিৰ আজি শৰীৰৰ শান্তি থাকিব। মানসিক, প্রেম আৰু পাৰিবাৰ্কিত শুভ ফলদায়ক। শিক্ষাৰ্থীৰ উৎসাহ বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ বাধা থাকিব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক হ’ব।

তুলাঃ তুলা ৰাশিৰ দিনটো শাৰীৰিক শুভদায়ক হ’ব। মনৰ দুশ্চিন্তা হ’ব। প্রেম-পাৰিবাৰিক দিশত অশান্তি কাৰক। শিক্ষাৰ্থীৰ উচ্চাকাংক্ষা পূৰণৰ যোগ। শিল্পী, ক্রীড়াবিদ আৰু সংবাদকর্মীৰ সুনাম লাভৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ পৰিশ্ৰম বৃদ্ধি হ’ব। ব্যৱসায়ী আৰু কৰ্মচাৰীৰ কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে মিশ্রিত কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি শাৰীৰিক সুস্থতাৰ যোগ। মনৰ অসন্তুষ্টি থাকিব। প্ৰেম-প্ৰীতি আৰু পৰিয়ালৰ অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ আত্মসন্তুষ্টিৰ যোগ। শিল্পী, সাহিত্যিকৰ সৃষ্টিশীল কর্মত হাবিয়াহ বৃদ্ধি পাব। ৰাজনীতিক, বুদ্ধিজীৱীৰ চিন্তা বাঢ়িব। কর্মক্ষেত্ৰত উন্নতি হ’ব, ব্যৱসায়ী মধ্যমীয়া। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

ধনুঃ ধনু ৰাশিৰ দিনটো শাৰীৰিক সুখ-শান্তি থাকিব। মানসিক অন্তর্দ্বন্দৰ যোগ। প্ৰেম-প্ৰীতি আৰু পৰিয়ালৰ শুভ। শিক্ষাৰ্থীৰ সফলতাৰ যোগ। ক্রীড়াবিদ, শিল্পী, সাহিত্যিকৰ উন্নতিৰ যোগ। ৰাজনীতিক, সমাজকৰ্মীৰ ব্যস্ততা বাঢ়িব। ব্যৱসায়-বাণিজ্য আৰু কর্মক্ষেত্ৰত উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক ।

মকৰঃ মকৰ ৰাশিৰ লোকৰ শাৰীৰিক মধ্যম, বিষ আৰু চৰ্মৰোগ হ’ব পাৰে। মানসিক, প্ৰেম-প্ৰীতি আৰু পৰিয়ালৰ শুভ কাৰক। শিক্ষাৰ্থীৰ শুভ কাৰক। ক্রীড়া, সাহিত্য, সংস্কৃতিৰ সৈতে যুক্তসকলৰ সফলতাৰ যোগ। সমাজকৰ্মী আৰু ৰাজনীতিকৰ অশান্তি হ’ব পাৰে। কর্মক্ষেত্র, ব্যৱসায়-বাণিজ্যত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে অশান্তিৰ দিন।

কুম্ভ: কুম্ভ ৰাশিৰ আজি শাৰীৰিক সুস্থতাৰ যোগ। মনৰ সুখ-শান্তি থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মিশ্ৰিত কাৰক। বিদ্যাৰ্থীৰ উৎসাহ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰ উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতাৰ যোগ। কৰ্মক্ষেত্ৰ আৰু বাণিজ্যিক দিশত উন্নতিৰ যোগ। সংখ্যাতত্ত্বৰ মতে অস্থিৰতাৰ যোগ।

মীন: মীন ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব। মানসিক অস্থিৰতাৰ যোগ। পাৰিবাৰিক, প্রেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ সফলতাৰ যোগ। সাহিত্য, সংস্কৃতি, ক্রীড়াৰে জড়িত লোকৰ উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ পৰিশ্ৰম আৰু ব্যস্ততা বাঢ়িব। বাণিজ্য আৰু কৰ্মত উন্নতিৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

Share to your Social Account