দৈনিক ৰাশিফল; কিদৰে যাব আজি আপোনাৰ দিনটো ?

মেষঃ মেষ ৰাশিৰ আজি দেহৰ অলপ অশান্তি থাকিব। মানসিক, পাৰিবাৰিক আৰু প্ৰেমত সুখ-শান্তি থাকিব। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত শুভ। শিল্পী, সাহিত্যিক, খেলুৱৈৰ নিজৰ কৰ্মত উন্নতি হ’ব। কৰ্মক্ষেত্ৰত বাধা, ব্যৱসায়-বাণিজ্যত সামান্য লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

বৃষঃ ৰাশিৰ আজি শাৰীৰিক সুস্থতাৰ যোগ। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশতো শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত উন্নতি কাৰক। সাহিত্যিক, ক্রীড়াবিদ আৰু শিল্পীৰ মনৰ অস্থিৰতা বৃদ্ধি হ’ব। ৰাজনীতিক, বুদ্ধিজীৱীৰ কৰ্মত বিশৃংখলতাৰ যোগ। কৰ্মত উন্নতি কাৰক। ব্যৱসায়ত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে মিশ্রিত কাৰক ।

মিথুনঃ মিথুন ৰাশিৰ আজি শাৰীৰিক আৰু মানসিক শাস্তি থাকিব। প্রেম- প্ৰীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব বাঢ়িব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ কিছু উন্নতি হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ পৰিশ্ৰম বাঢ়িব। বাণিজ্য আৰু কৰ্মত কিছু লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত কাৰক।

কর্কটঃ কৰ্কট ৰাশিৰ আজি শৰীৰৰ কিছু দুৰ্বলতা থাকিব। মানসিক প্রেম- প্রীতি, সাংসাৰিক দিশত অশান্তি হ’ব পাৰে। বিদ্যাৰ্থীৰ উৎসাহ বৃদ্ধিৰ যোগ। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে জড়িতসকলৰ উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ চিন্তা বাঢ়িব। বাণিজ্য আৰু কৰ্মত উন্নতিৰ যোগ। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

সিংহঃ সিংহ ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক হ’ব যদিও মনৰ সুখ-শান্তিত বাধা থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত অশান্তিৰ যোগ। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰস্তুতিত কিছু অশান্তি হ’ব। সাহিত্যিক, শিল্পী, খেলুৱৈ নতুন কর্মত আগবাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা বাঢ়িব। কৰ্মত বাধাৰ যোগ, বাণিজ্যত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক ।

কন্যাঃ কন্যা ৰাশিৰ আজি শাৰীৰিক পৰিশ্ৰম বৃদ্ধি পাব। মানসিক, পাৰিবাৰিক আৰু প্ৰেমত শুভাশুভ মিশ্রিত কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নত শুভ কাৰক। শিল্পী, সাহিত্যিক, খেলুৱৈৰ কৰ্মব্যস্ততা বাঢ়িব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ কষ্টৰ মাজতো সফলতা লাভ। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া।

তুলা: তুলা ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। শত্ৰুৰ পৰা মানসিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু সাংসাৰিক ক্ষেত্ৰত শান্তি লাভ কৰিব। শিক্ষাৰ্থীৰ সফলতাৰ যোগ। সাহিত্য, ক্রীড়া-সংস্কৃতিৰ লগত জড়িতসকলৰ অশান্তি বৃদ্ধি পাব পাৰে। কর্মক্ষেত্ৰ আৰু ব্যৱসায়ত আর্থিক লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে মিশ্রিত কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি শাৰীৰিক দুৰ্বলতা থাকিব। মানসিক দুশ্চিন্তা হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰ্কিত শুভ কাৰক। শিক্ষাৰ্থীৰ ব্যস্ততা বাঢ়িব। সাহিত্যিক, শিল্পী আৰু ক্ৰীড়াবিদৰ উন্নতিৰ যোগ। ৰাজনীতি আৰু সমাজকৰ্মৰ লগত জড়িতসকলৰ ভ্রমণ যোগ। কর্ম আৰু বাণিজ্যত আৰ্থিকত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

ধনুঃ ধনু ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক চাপ বাঢ়িব পাৰে। প্ৰেম আৰু সাংসাৰ্কিত শুভ কাৰক। শিক্ষাৰ্থীৰ মনোযোগ বৃদ্ধি পাব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িত লোকৰ উন্নতি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কষ্ট হ’ব। ব্যৱসায়, বাণিজ্য আৰু কৰ্মত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

মকৰঃ মকৰ ৰাশিৰ শৰীৰত বিষ নাইবা আঘাত হ’ব পাৰে। মানসিক, প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত শান্তি থাকিব। শিক্ষাৰ্থীৰ উন্নতিৰ যোগ। সাহিত্যিক, শিল্পী, খেলুৱৈৰ পেছাদাৰী দিশত শুভ কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তি হ’ব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে অশুভ।

কুম্ভ: কুম্ভ ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব যদিও মানসিক অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ চিন্তা বাঢ়িব। সাহিত্য-সংস্কৃতিৰে যুক্তসকলৰ অশান্তি হ’ব। ৰাজনীতিক, বুদ্ধিজীৱীৰ কষ্ট বৃদ্ধি পাব। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।

মীন : মীন ৰাশিৰ আজি শাৰীৰিক সুখ-শান্তি বিঘ্নিত হ’ব পাৰে। মানসিক, প্ৰেম-প্ৰীতি আৰু সাংসাৰিক দিশত মিশ্রিত কাৰক। শিক্ষাৰ্থীৰ শুভ কাৰক। শিল্পী, সাহিত্যিক, খেলুৱৈৰ উন্নতিৰ যোগ। ৰাজনীতিক, বুদ্ধিজীৱীৰ ব্যস্ততা বৃদ্ধি পাব। কৰ্মচাৰীৰ অসন্তুষ্টি বাঢ়িব, বাণিজ্যত লাভৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

Share to your Social Account