দৈনিক ৰাশিফল; কিদৰে যাব আজি আপোনাৰ দিনটো?
মেষঃ মেষ ৰাশিৰ আজি শৰীৰৰ অশান্তি হ’ব পাৰে। মানসিক, প্রেম- প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ প্ৰতিযোগিতামূলক মনোভাৱ বাঢ়িব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ উন্নতি কাৰক। ৰাজনীতিক, সংবাদসেৱী আৰু সমাজকর্মী উৎসাহিত হ’ব। বাণিজ্য আৰু কৰ্মত শুভ। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।
বৃষ ৰাশিঃ বৃষ ৰাশিৰ আজি শাৰীৰিক, মানসিক উভয়তে সামান্য অশান্তি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকতো শুভ কাৰক। শিক্ষাৰ্থীৰ মনৰ উৎসুকতা বৃদ্ধি পাব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ কিছু শুভ কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ পৰিশ্ৰম বৃদ্ধি পাব। ব্যৱসায়, বাণিজ্য আৰু কৰ্মত উন্নতিৰ যোগ। সংখ্যাতত্ত্বৰ মতে মিশ্ৰিত কাৰক।
মিথুনঃ মিথুন ৰাশিৰ আজি শৰীৰৰ সুস্থতা থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত সুখ-শান্তিৰ যোগ। বিদ্যাৰ্থীৰ অধ্যয়নৰ প্রতি উৎসাহ বাঢ়িব। শিল্পী, সাহিত্যিকৰ কিছু শুভ খবৰ লাভৰ যোগ। ৰাজনীতিক, সমাজকৰ্মী আৰু বুদ্ধিজীৱীৰ সুনাম লাভ। কৰ্ম আৰু বাণিজ্যত কিছু লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।
কর্কটঃ কৰ্কট ৰাশিৰ আজি শৰীৰৰ শুভ কাৰক। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত কিছু অশান্তি থাকিব। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত ব্যস্ততা বাঢ়িব। শিল্পী, সাহিত্যিকৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতি নেতা আৰু সমাজকৰ্মীৰ কষ্ট বৃদ্ধি পাব। বাণিজ্য আৰু কর্মত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে অশান্তি যোগ।
সিংহঃ সিংহ ৰাশিৰ আজি শৰীৰৰ সুস্থতা থাকিব। মানসিক অস্থিৰতা বাঢ়িব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত তৎপৰতা বাঢ়িব। সাহিত্য-ক্রীড়া-সংস্কৃতিত যুক্তসকলৰ সফলতাৰ যোগ। সমাজকৰ্মী, বুদ্ধিজীৱী আৰু ৰাজনীতিকৰ কৰ্মব্যস্ততা বাঢ়িব। আৰু বাণিজ্যত কিছু উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে ক্ষতি কাৰক।
কন্যাঃ কন্যা ৰাশিৰ আজি শৰীৰৰ সুস্থতা থাকিব যদিও মনোকষ্ট বাঢ়িব। প্ৰেম আৰু পাৰিবাৰিক দিশত শান্তি কাৰক। শিক্ষাৰ্থীৰ উন্নতিৰ যোগ। শিল্পী সাহিত্যিক আৰু সংবাদকর্মীৰ উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ অস্থিৰতাৰ যোগ। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত বাধা হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।
তুলাঃ তুলা ৰাশিৰ আজি শাৰীৰিক শুভাশুভ মধ্যম। মানসিক, প্রেম- প্রীতি আৰু সাংসাৰ্কিত অশুভ কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা বাঢ়িব। সাহিত্যিক শিল্পীয়ে উন্নতিমূলক কামত অগ্ৰসৰ হ’ব। ৰাজনীতিক, সমাজসেৱীসকলৰ সফলতাৰ যোগ। ব্যৱসায়-বাণিজ্য আৰু কৰ্মত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে মিশ্ৰিত কাৰক।
বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ আজি শাৰীৰিক সুস্থতা আৰু মানসিক কিছু অশান্তি থাকিব। প্ৰেম-প্ৰীতি আৰু সাংসাৰ্কিত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ প্ৰতিযোগিতাৰ মনোভাব বৃদ্ধি পাব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা আৰু কষ্টৰ যোগ। বাণিজ্য আৰু কৰ্মত আর্থিক সকাহ পাব। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।
ধনুঃ ধনু ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নৰ স্পৃহা বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে জড়িতসকল কিছু উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মানসিক অশান্তিৰ যোগ। কৰ্ম আৰু বাণিজ্যত কিছু লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে হানি কাৰক।
মকৰঃ মকৰ ৰাশিৰ আজি শাৰীৰিক মধ্যম কাৰক। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত শুভ। শিক্ষাৰ্থীৰ উচ্চবিদ্যাৰ ক্ষেত্ৰত অশান্তিৰ যোগ। সাহিত্য, সংস্কৃতিৰে জড়িতসকলৰ খেলিমেলি হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা অধিক হ’ব। ব্যৱসায়, বাণিজ্য আৰু কৰ্মত বাধা হ’ব পাৰে। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত।
কুম্ভঃ কুম্ভ ৰাশিৰ আজি শৰীৰৰ শুভ যদিও মানসিক দুশ্চিন্তা হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত অশান্তি হ’ব। সাহিত্য, ক্রীড়া-সংস্কৃতিৰে যুক্তসকল উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ পৰিশ্ৰম বাঢ়িব। কৰ্ম আৰু বাণিজ্যত কিছু শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া কাৰক।
মীনঃ মীন ৰাশিৰ আজিৰ দিনটো শাৰীৰিক সুস্থতা থাকিব। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত শুভ। সাহিত্যিক, শিল্পী আৰু খেলুৱৈৰ উৎসাহ বৃদ্ধি পাব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ চিন্তা বৃদ্ধিৰ যোগ। কৰ্মক্ষেত্ৰত কষ্টৰ যোগ, বাণিজ্যত কিছু উন্নত হ’ব। সংখ্যাতত্ত্বৰ মতে ক্ষতি কাৰক।