দৈনিক ৰাশিফল; কিদৰে যাব আজি আপোনাৰ দিনটো!

মেষ : মেষ ৰাশিৰ শৰীৰ অলপ অসুস্থ হ’ব পাৰে। মানসিক, প্রেম- প্ৰীতি আৰু পাৰিবাৰিক দিশত শান্তি কাৰক। শিক্ষাৰ্থীৰ বৃদ্ধি হ’ব। সাহিত্যিক, ক্রীড়াবিদ, শিল্পীৰ উৎসাহ বৃদ্ধি পাব ৷ ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ ব্যস্ততা বাঢ়িব। বাণিজ্য আৰু কৰ্মত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।

বৃষ: ৰাশিৰ আজি শৰীৰ ভালে যাব। মানসিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰ্কিত শুভ যোগ। শিক্ষাৰ্থীৰ সফলতাৰ যোগ। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ উন্নতি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তি বৃদ্ধি পাব। বাণিজ্য আৰু কৰ্মত কিছু লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত কাৰক।

মিথুন : মিথুন ৰাশিৰ আজি শৰীৰ সুস্থ হৈ থাকিব। মানসিক, প্রেম- প্ৰীতি আৰু সাংসাৰ্কিত সুখ-শান্তি পাব। বিদ্যাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তাৰ যোগ। শিল্পী, সাহিত্যিকৰ সু-খবৰ লাভৰ যোগ। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ অস্থিৰতা বৃদ্ধি পাব। কৰ্ম আৰু বাণিজ্যত কিছু উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক ৷

কর্কট : কৰ্কট ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব। মানসিক, প্রেম- প্ৰীতি আৰু পাৰিবাৰিকত অলপ অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ মানসিক চিন্তা বাঢ়িব। শিল্পী, সাহিত্যিকৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনৈতিক নেতা আৰু সমাজকৰ্মীৰ ব্যস্ততা বাঢ়িব। বাণিজ্য আৰু কৰ্মত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক ।

সিংহ : সিংহ ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম- প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ। শিক্ষাৰ্থীৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িব । সাহিত্য, ক্রীড়া-সংস্কৃতিত যুক্তসকলৰ পেছাদাৰী দিশত উন্নতি হ’ব। বুদ্ধিজীৱী, সমাজকৰ্মী আৰু ৰাজনীতিত জড়িত ব্যক্তিৰ উৎসাহ বৃদ্ধি পাব। ব্যৱসায়, বাণিজ্য আৰু কর্মত শুভ। সংখ্যাতত্ত্বৰ মতে অতি অশুভ কাৰক।

কন্যাঃ কন্যা ৰাশিৰ আজি শৰীৰৰ অলপ অশান্তিৰ যোগ। মানসিক চাপ বাঢ়িব। প্ৰেম আৰু পাৰিবাৰিকত অশান্তি কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত বাধা কাৰক। শিল্পী, সাহিত্যিক আৰু ক্রীড়াবিদৰ উৎসাহ বৃদ্ধি পাব। ৰাজনীতিকৰ সফলতাৰ যোগ। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া হ’ব। সংখ্যাতত্ত্বৰ মতে মিশ্ৰিত কাৰক।

তুলা : তুলা ৰাশিৰ আজি শৰীৰৰ বিশেষ অশান্তি নহ’ব। মানসিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু পাৰিবাৰিক ক্ষেত্ৰত অশান্তি হ’ব। শিক্ষাৰ্থীৰ উন্নতি কাৰক। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ উন্নতিৰ যোগ। ৰাজনীতি, সমাজসেৱাৰ লগত জড়িতসকলৰ অশান্তি হ’ব পাৰে । কৰ্ম আৰু বাণিজ্যত লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শুভাশুভ মিশ্রিত।

বৃশ্চিক : বৃশ্চিক ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব যদিও অলপ মানসিক অশান্তি হ’ব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত অশুভ। শিক্ষাৰ্থীৰ প্রতিযোগিতাৰ মনোভাব বৃদ্ধি পাব। সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ উন্নতি যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতা বাঢ়িব। বাণিজ্য, কর্মত উন্নতিত কিছু বাধা হ’ব। সংখ্যাতত্ত্বৰ মতে অশুভ।

ধনু : ধনু ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম- প্ৰীতি আৰু পাৰিবাৰিক দিশত শুভ কাৰক। শিক্ষাৰ্থীৰ মানসিক চিন্তা বাঢ়িব। সাহিত্য, ক্রীড়া-সংস্কৃতিৰে জড়িত লোকৰ উৎসাহ বাঢ়িব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ মানসিক অস্থিৰতাৰ যোগ। কৰ্মক্ষেত্ৰ আৰু বাণিজ্যত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।

মকৰঃ মকৰ ৰাশিৰ আজি শৰীৰ সুস্থ থাকিব। মনৰ অসন্তুষ্টি হ’ব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰ্কিত মধ্যমীয়া। শিক্ষাৰ্থীৰ অধ্যয়নস্পৃহা বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে জড়িতসকলৰ উদ্যম বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তিৰ যোগ। ব্যৱসায় আৰু কৰ্মত কিছু লাভৱান হ’ব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

কুম্ভ : কুম্ভ ৰাশিৰ আজি শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত শুভাশুভ মিশ্রিত। শিক্ষাৰ্থীৰ অধ্যয়নত শুভ কাৰক। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকল উৎসাহিত হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা বাঢ়িব। কৰ্ম আৰু বাণিজ্যত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

মীন : মীন ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ সফলতাৰ যোগ। সাহিত্যিক, ক্রীড়াবিদ আৰু শিল্পীৰ মনৰ অসন্তুষ্টি বৃদ্ধি পাব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ চিন্তাৰ যোগ। কৰ্ম, ব্যৱসায় আৰু বাণিজ্যত উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।

Share to your Social Account