দৈনিক ৰাশিফল- কিদৰে যাব আজি আপোনাৰ দিনটো!

মেষ ৰাশি
কোফী খোৱা এৰি দিয়ক ,বিশেষকৈ হৃদ ৰোগী সমূহ। গহনা আৰু পূৰণি ঐতিহাসিক বস্তুৰ ব্যৱসায়ত ধন নিৱেশ কৰিলে লাভান্বিত হব আৰু সমৃদ্ধবান হব। যি সকল লোক আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ , সিহঁতক কিছুমান কথা বুজোৱাত আপুনি অধিক জটিলতাৰ সন্মুখীন হব পাৰে। আপোনাৰ চকুুপানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হব। কৰ্ম-কাণ্ড/পূজা আদি আজি ঘৰত অনুষ্ঠিত হব। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব ।
মিথুন ৰাশি
আজি আপোনাৰ কাষত বহুত উৰ্জা অথবা শক্তি থাকিব কিন্তু কামৰ অধিক হেচাঁই অপোনাক খিংখিঙীয়া কৰি তুলিব পাৰে। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। সন্ধিয়াৰ সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। প্ৰত্যেক দিনাই প্ৰেমত পৰাৰ আপোনাৰ এই অভ্যাসটোক সলনি কৰক। সহকৰ্মী আৰু বৰিষ্ঠ জনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুত গতিত সম্পূৰ্ণ হব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়ি বা চাকৰি কৰি আছে সিহতঁ আজি খালী সময়ত ঘৰৰ মানুহৰ লগত ক্থা পাতিব পাৰে। ক্থা পাতি থাকোতে আপুনি ভাবুক হৈ যাব পাৰে। যদি আপুনি জীৱন সংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ সুযোগ দিয়ে তেন্তে জীৱন সংগীৰ ফালৰ পৰা নঞাৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক।
সিংহ ৰাশি
শাৰীৰিক আৰু মানসিক লাভৰ বাবে ধ্যান আৰু যোগা কৰাটো আপোনাৰ বাবে উপযোগী । আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। ৰোমাঞ্চৰ ফালেদি আজি আপোনাৰ জীৱনত বহুত জটিলতা নামি আহিব। আপোনাৰ অংশীদাৰ আপোনাৰ নতুন যোজনা সমূহ আৰু চিন্তা তথা বিচাৰ সমূহক সমৰ্থন কৰিব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। বেলেগ বেলেগ মতামত হোৱা বাবে আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত বাদ-বিবাদ হব পাৰে।
তুলা ৰাশি
আপোনাৰ বন্ধু সমূহ অতি সমৰ্থন কৰা হব আৰু আপোনাক সদায় সুখী ৰাখিব। আজি আপুনি আৰ্থিক সমস্যাৰ সন্মূখীন হব পাৰে কিন্তু নিজৰ বিচাৰ বিবেচনাৰ জৰিয়তে আপুনি এই সমস্যাও সমাধান কৰিব সক্ষম হব। আপোনাৰ ভৰপুৰ উৰ্জা শক্তি আৰু উৎসাহে আপোনাৰ জীৱনত ধনাত্মক পৰিণাম আনিব আৰু ঘৰুৱা হতাশা দূৰ কৰিব। আপুনি আজিয়ে আপোনাৰ প্ৰিয়জনক নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে ,কাৰণ আজিয়ে নক’লে কাইলৈ ৰখিলে বহুত দেৰি হৈ যাব। এই ৰাশিৰ ব্যৱসায়ী সকল আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব। চাকৰি কৰাবোৰও আজি সাৱধানে চলা উচিত। আজি দিনত কিছুমান বন্ধু আপোনাৰ ঘৰত আহিব পাৰে আৰু সিহতঁৰ লগত আপুনি সময় অতিবাহিত কৰিব পাৰে, অৱশ্যে আপুনি মদ,চিগাৰেট এইবোৰৰ পৰা দুৰত থকাটোয়ে ভাল হ’ব। আপুনি এগৰাকী ভাল জীৱন লগৰী পোৱাৰ সকলো সুখ আজি অনুভৱ কৰিব ।
ধনু ৰাশি
আপোনাৰ কাজিয়াখোৰ স্বভাৱে আপোনাৰ শত্ৰুৰ তালিকা খন দীঘল হে কৰিব,কাকো নিজৰ ওপৰত ইমান অধিকাৰ নিদিব যে তেখেতে আপোনাক দুখ দিব ,যাৰ বাবে আপুনি পস্তাব লগীয় হব পাৰে। ধন কেনেকৈ সঞ্চয় কৰে সেই গুণৰ অধিকাৰী আপুনি হব লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। পাৰিবাৰিক সমস্যা সমাধান কৰিবলৈ আপোনাৰ শিশুসুলভ ব্যৱহাৰে বহুত ডাঙৰ অৰিহণা যোগাব। প্ৰেমত যে গভীৰতা বহুত সেই কথা আপুনি আজি অনুভৱ কৰিব আৰু আপোনাৰ প্ৰিয়জন সদায় আপোনাক বহুত মৰম কৰিব। আপুনি আজি ব্যৱসায়িক লেন দেন সমূহ সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুত ব্যক্তিক সংযোগ কৰাব পাৰে। আপোনাৰ আকৰ্ষণী আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। জীৱন সংগীৰ কোমল তথা সৰল মনে আপোনাৰ দিন আজি বিশেষ বনাই দিব।
কুম্ভ ৰাশি
হতাশাক অৱহেলা কৰক । ই মাদকদ্ৰব্য আৰু বেলেগ নিচা জাতীয় বস্তুৰ দৰে সৰ্বনাশী মহামাৰী ,যি বহুত দ্ৰুত গতিত বিয়পে। আৰ্থিক ভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পৰিব। কোনোবা ঘনিষ্ঠ আত্মীয় আৰু বন্ধুৰ তৰফৰ পৰা পোৱা ভাল খবৰৰ লগত দিনৰ আৰম্ভণি ভাল ভাৱে হব। আপুনি প্ৰথম দেখাতে কাৰোবাক ভাল পাব পাৰে। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত।যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে চুপ থাকক, যিকোনো কথা জোৰ-জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। যিবোৰ সম্বন্ধক আপুনি গুৰুত্ব প্ৰদান কৰে সেইবোৰ সম্বন্ধক সময় দিয়াও শিকিব লাগে নহ’লে সম্বন্ধ ভাঙিব পাৰে। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব।
বৃষ ৰাশি
কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ পাৰে। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক। পৰিয়ালৰ সদস্যৰ লগত হাঁহি-খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। সাৱধান থাকক ! কাৰণ প্ৰেমত পৰা আজিৰ দিনটোৰ আন এটা জটিল পৰিস্থিতি মাতি আনিব পাৰে। যদি আপুনি এদিনৰ বাবে ছুটী লব বিচাৰে তেন্তে চিন্তা নকৰিব ! আপোনাৰ অনুপস্থিতিত সকলো কাম ভাল ভাৱে চলিব আৰু যদি হঠাত কিব অসুবিধাও আহি পৰে তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। অফিচ যোৱাৰ পিচতেই আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে । ঘৰ পোৱাৰ পিচত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে । কোনোবা ধুনীয়া স্মৃতিৰ কাৰণে আপুনি আৰু আপোনাৰ জীৱন সংগীৰ মাজত থকা বিবাদ সমাপ্ত হব পাৰে, এইবাবে বাদ-বিবাদ হোৱা সময়ত পূৰণা দিনৰ স্মৃতি সতেজ কৰিবলৈ নাপাহৰিব।
কৰ্কট ৰাশি
আজিৰ দিনটো আপুনি কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব।আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেলে দি মালিচ কৰিব। আপুনি ঘুৰা-ফুৰা কৰাৰ আৰু পইচা খৰচ কৰাৰ মুডত থাকিব কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিব লগীয়া হ’ব পাৰে। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব । কাম-কাাজত আহি থকা পৰিৱৰ্তনৰ বাবে আপুনি লাভান্বিত হব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিচু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । আপোনাৰ জীৱন সংগী অন্য দিনতকৈ আজি আপোনাৰ অধিক যত্ন কৰিব।
কন্যা ৰাশি
আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ ধন নাই তেন্তে ঘৰৰ কোনোবা ডাঙৰৰ লগত বহি কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তাৰ উপদেশ লওক। বিদেশত থকা কোনোবা সম্বন্ধীয়ৰ পৰা পোৱা উপহাৰে আপোনাক আনন্দিত কৰি তুলিব পাৰে। প্ৰেমিক যুগলে পৰস্পৰে পৰস্পৰৰ পাৰিবাৰিক ভাৱনা সমূহক বুজিব চেষ্টা কৰক। যদি আপুনি নিজৰ কামৰ প্ৰতি একাগ্ৰতাৰে আগ বাঢ়ে তেন্তে আপুনি নিজৰ উৎপাদন শক্তি দুগুণ কৰিব পাৰে। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক’ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব ।
বৃশ্চিক ৰাশি
কিছুুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিত ভাৱে আকৰ্ষণীয় কৰি তুলিব। যদি আপুনি বিবাহিত তেন্তে নিজৰ সন্তানৰ ওপৰত বিশেষ ধ্যান দিয়ক যদি আপুনি এনেকুৱা নকৰে তেন্তে সিহতৰ শাস্থ্য বেয়া হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ বহুত অৰ্থ ব্যয় হব পাৰে। হতাশাৰ এক দীঘল সময় চলি থাকিব ,অৱশ্যে পাৰিবাৰিক সহযোগে আপোনাক সহায় কৰিব। আপুনি নিজৰ প্ৰিয়জনৰ বাহুত আৰাম অনুভৱ কৰিব। নতুন বস্তু এটা শিকাৰ আপোনাৰেই আগ্ৰহ প্ৰশংসাজনক। আপুনি যদি বিচাৰে সমস্যা সমূহৰ হাহিঁমুখে সমাধান কৰিব আৰে অথবা তাৰ মাজত পৰি চিন্তিত হব পাৰে , ইয়াৰ নিৰ্ণয় আপুনিয়ে ল’ব। আজিৰ দিনাখন আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ জীৱন সংগীক হেচাঁ প্ৰদান নকৰিব , নহলে আপোনালোকৰ মাজত দূৰত্ব বাঢ়ি যাব পাৰে।
মকৰ ৰাশি
আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজি আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থৰ লগতে মনত শান্তিও থাকিব। বন্ধুৰ লগত মিলি কিছু ভাল আৰু ৰোমাঞ্চকৰ সময় অতিবাহিত কৰিবৰ বাবে এয়া ভাল সময়। আজি আপোনাৰ কাৰোবাৰ লগত চকুৰ চাৰিমিলন ঘটিব পাৰে-যদি আপুনি নিজৰ সমাজত উঠা- বহা কৰে। যি খ্যতি আৰু পুৰস্কাৰৰ আশা আপুনি কৰি আছিল ,সেইখিনি পিছলৈ ৰখি যাব পাৰে আৰু তাৰ ফলত আপুনি হতাশাৰ সন্মুখীন হব পাৰে। যদি আপুনি যিকোনো বিবাদত ঘনীভূত হৈ যায় তেন্তে মতামত দিয়াৰ পৰা বিৰত থাকক। আপুনি অনুভৱ কৰিব যে জীৱন লগৰীৰ প্ৰেম ,ভাল পোৱাই সকলো দুখ পাহৰাই দিব পাৰে।
মীন ৰাশি
নিয়মিত ব্যায়ামৰ মাধ্যমেৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, সিহতেঁ আজি পইচাৰ মূল্য বুজি পাব যেতিয়া সিহতঁক পইচাৰ আৱশ্যকতা হব কিন্তু সিহতঁৰ তাত পৰ্যাপ্ত পৰিমাণৰ অৰ্থ নাথাকিব। আজি চাল গলে সকলো ফালেদি এক লাভদায়ক দিন ,কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকু মুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। আজি কাৰোবাৰ লগত আপোনাৰ চাৰি চকুৰ মিলন হব পাৰে। কাৰ্য ক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোব দুৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোতে গুছি যাব। আজি আপুনি অনুভৱ কৰিব যে জীৱন সংগীৰ জীৱনত আপুনি বহুত গুৰুত্বপূৰ্ণ ভূমিকাত আছে।