দৈনিক ৰাশিফল-কিদৰে যাব আজি আপোনাৰ দিনটো?

মেষ : মেষ ৰাশিৰ আজি শৰীৰৰ সুস্থতা থাকিব। মনৰ দুশ্চিন্তাও আঁতৰিব। প্ৰেম-প্ৰীতি আৰু সাংসাৰ্কিত শুভ কাৰক হ’ব। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্রীড়াত জড়িতসকলৰ ব্যস্ততা বৃদ্ধি হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ ব্যস্ততা বাঢ়িব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অশান্তিৰ যোগ। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

বৃষ: বৃষ ৰাশিৰ আজি শৰীৰৰ ৰক্ত আৰু চৰ্মৰোগ হ’ব পাৰে। মনৰ অশান্তি থাকিব। সাংসাৰিক আৰু প্ৰেম-প্ৰীতিত শুভ কাৰক। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উন্নতিমূলক। ক্রীড়া, সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ উন্নতিৰ যোগ। ৰাজনীতিক, বুদ্ধিজীৱীৰ ব্যস্ততা আৰু অশান্তি বাঢ়িব। কৰ্ম আৰু ব্যৱসায়ত উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে শান্তি কাৰক।

মিথুন : মিথুন ৰাশিৰ বাবে দিনটো শাৰীৰিক সুস্থতাৰ যোগ। মনৰ সামান্য অশান্তি থাকিব পাৰে। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক ক্ষেত্ৰত সুখদায়ক হ’ব। শিক্ষাৰ্থীৰ আত্মসন্তুষ্টিৰ যোগ। সাহিত্য, ক্রীড়া, সংস্কৃতি, সংবাদসেৱাৰে জড়িতসকলৰ উদ্যম বাঢ়িব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উন্নতি হ’ব। বাণিজ্য আৰু কৰ্মত শুভ কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

কর্কট : কৰ্কট ৰাশিৰ আজি শাৰীৰিক সুস্থতা থাকিব যদিও মানসিক অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্ৰেম-প্ৰীতিত কিছু অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ আত্মবিশ্বাস বাঢ়িব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ স’তে জড়িতসকলে কৰ্মব্যস্ততাত সুখী হ’ব। সমাজকর্মী আৰু ৰাজনীতিকৰ দুশ্চিন্তা থাকিব। বাণিজ্য আৰু কৰ্মত কিছু উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

সিংহ : সিংহ ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভ কাৰক হ’ব। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিক দিশত মিশ্ৰিত কাৰক। শিক্ষার্থী উৎসাহিত হ’ব। ক্রীড়া, সাহিত্য, সংস্কৃতিৰে যুক্তসকলৰ দিনটো উন্নতিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বৃদ্ধি পাব। ব্যৱসায়, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত মধ্যমীয়া। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

কন্যা : কন্যা ৰাশিৰ আজি শৰীৰৰ সুস্থতা থাকিব। মনৰ অস্থিৰতা বৃদ্ধিৰ যোগ। প্ৰেম-প্ৰীতি আৰু পাৰিবাৰ্কিত শুভ কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত দৃঢ়তা বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে জড়িত লোকৰ উন্নতি কাৰক হ’ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ কষ্ট বৃদ্ধি পাব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ কাৰক।

তুলা: তুলা ৰাশিৰ দিনটো শাৰীৰিক-মানসিক উভয়তে শুভ কাৰক। প্ৰেম-প্ৰীতি আৰু সাংসাৰিত অশান্তি থাকিব। বিদ্যাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত চিন্তা বাঢ়িব। শিল্পী, ক্রীড়াবিদ, সাহিত্যিক আৰু সংবাদকর্মীৰ উন্নতিৰ যোগ। ৰাজনীতিক, বুদ্ধিজীৱীৰ চিন্তা বৃদ্ধি পাব। ব্যৱসায়-বাণিজ্য আৰু কৰ্মক্ষেত্ৰত উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে উন্নতি কাৰক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ দিনটো শৰীৰৰ শুভাশুভ মিশ্ৰিত কাৰক। মানসিক, প্ৰেম-প্ৰীতি আৰু পাৰিবাৰিকত অশান্তি হ’ব পাৰে। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত অস্থিৰতা বাঢ়িব। শিল্পী, সাহিত্যিক, খেলুৱৈৰ নিজ কর্মত মনোযোগ বৃদ্ধি পাব। ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকৰ্মীৰ সফলতাৰ যোগ। কৰ্মচাৰীৰ অশান্তি হ’ব। বাণিজ্যত সামান্য উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে শুভ দিন।

ধনু: ধনু ৰাশিৰ লোকৰ শৰীৰৰ শুভ কাৰক যদিও সামান্য চর্দি, কাহজাতীয় জলজ ৰোগ হ’ব পাৰে। মানসিক, প্ৰেম-প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত সুখ শান্তি থাকিব। শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, খেলুৱৈ, সমাজকৰ্মীৰ সফলতা লাভৰ যোগ। ৰাজনীতিক, বুদ্ধিজীৱীৰ চিন্তা বাঢ়িব। ব্যৱসায়- বাণিজ্য আৰু কৰ্মক্ষেত্ৰত উন্নতি কাৰক। সংখ্যাতত্ত্বৰ মতে মধ্যমীয়া কাৰক।

মকৰ: মকৰ ৰাশিৰ আজি শৰীৰৰ সামান্য অশান্তি হ’ব পাৰে। ঘৰুৱা কোনো সমস্যাই মানসিক চাপ বঢ়াব। প্রেম-প্রীতিত শুভ। শিক্ষাৰ্থীৰ অধ্যয়নকেন্দ্রিক চিন্তা বাঢ়িব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰ স’তে যুক্তসকলৰ কৰ্মব্যস্ততা বাঢ়িব। সমাজকর্মী আৰু ৰাজনীতিকৰ ভ্ৰমণ যোগ। কৰ্মক্ষেত্ৰ আৰু বাণিজ্যত মধ্যম। সংখ্যাতত্ত্বৰ মতে অশুভ কাৰক।

কুম্ভ: কুম্ভ ৰাশিৰ আজি শৰীৰৰ সামান্য অসুস্থতাৰ যোগ। মানসিক, পাৰিবাৰিক আৰু প্ৰেম-প্ৰীতিত শুভ কাৰক। শিক্ষাৰ্থীৰ অধ্যয়নৰ ক্ষেত্ৰত অসুবিধা থাকিব। সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ লগত জড়িতসকলৰ কিছু উন্নতি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মনৰ অস্থিৰতা বাঢ়িব। কর্মক্ষেত্ৰ আৰু বাণিজ্যিক দিশত কিছু উন্নতিৰ যোগ। সংখ্যাতত্ত্বৰ মতে অশান্তি কাৰক।

মীন: মীন ৰাশিৰ আজি শৰীৰৰ অশুভ, মূৰ আৰু চকুৰ অশান্তি হ’ব পাৰে। মানসিক, পাৰিবাৰিক আৰু প্ৰেম-প্ৰীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ কিছু অশান্তি হ’ব পাৰে। সাহিত্য, সংস্কৃতি, ক্রীড়াৰে জড়িত লোকৰ আত্মবিশ্বাস বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকর্মীয়ে অশান্তি ভোগ কৰিব। ব্যৱসায়-বাণিজ্য আৰু কর্মত সামান্য উন্নতি হ’ব। সংখ্যাতত্ত্বৰ মতে ক্ষতি কাৰক।

Share to your Social Account