নেশ্যনেল ডেস্ক, ১৩ জুনঃ কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । মাতৃক হত্যা কৰিলে কন্যাই। হত্যা কৰাৰ পাছত মৃতদেহ চুটকেচত ভৰাই উপস্থিত হ’ল গৈ আৰক্ষী চকীত । আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিলে মাতৃক হত্যা কৰাৰ কথা । মাতৃ-কন্যাৰ মাজত দীৰ্ঘদিনে চলি থকা সংঘাতৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিলে ঘাতক কন্যাই ।
ঘটনাটো মাইকো লেআউট আৰক্ষী থানাৰ অন্তৰ্গত । তথ্য অনুসৰি, ৩৯ বছৰীয়া যুৱতীগৰাকীয়ে এটি চুটকেচ লৈ মঙলবাৰে উপস্থিত হয় আৰক্ষী থানাত। আৰক্ষীয়ে তাইক কিবা সোধাৰ আগতেই যুৱতীগৰাকীয়ে নিজেই সদৰী কৰে সকলো কথা । তেওঁ কয় যে তেওঁ এগৰাকী ফিজিঅ’থেৰাপিষ্টঢ়।
তেওঁৰ আৰু তেওঁৰ মাতৃৰ মাজত সঘনাই কাজিয়া হৈছিল। গতিকে তেওঁ অতিষ্ঠ হৈ মাকক হত্যা কৰিলে। সম্প্ৰতি এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যেই আৰক্ষীয়ে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ।